সততাৰ পৰিচয়েৰে জিলিকি উঠা গৃহৰক্ষী বৰসিং বে'ক আনুষ্ঠানিক ভাৱে চিপাহীৰূপে নিযুক্তি

বৰসিং বে’

সততাৰ পৰিচয়েৰে চৰ্চিত গৃহৰক্ষী জোৱান বৰসিং বে'ক আনুষ্ঠানিক ভাৱে নিযুক্তি প্ৰদান অসম আৰক্ষীৰ চিপাহীৰূপে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে বে'ক চিপাহী হিচাপে নিযুক্তি পত্ৰ প্ৰদান কৰে ৷

কাৰ্বিআংলং ডকমকাৰ জোৱান জনে কেইটামান দিন পূৰ্বে এখন বাছৰ পৰা উদ্ধাৰ কৰিছিল ১২ কোটি টকাৰ ড্ৰাগছ।উল্লেখ্য তালাচীৰ সময়ত ড্ৰাগছ উদ্ধাৰৰ লগে লগে ধৃত সৰবৰাহকাৰীয়ে বৰসিঙক টকাৰ বান্দিল উৎকোচ দিছিল।কিন্তু খাকী পোচাকত ডাগ নলগাই তেওঁ নিজৰ দায়িত্ব সততাৰে পালন কৰি টকাৰ বান্দিল নস্যাৎ কৰিছিল। সেই খবৰ বিভিন্ন মাধ্যমত বিয়পি পৰাৰ লগে লগে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই ফোন যোগে বে’ৰ কৰ্তব্যক শলাগ লোৱাৰ লগতে ১লাখ টকাৰ নগদ পুৰস্কাৰ প্ৰদানৰ ঘোষণা কৰিছিল।

গুৰুত্বপূৰ্ণ কথা গৃহৰক্ষী জোৱান জনৰ কৰ্তব্যনিষ্ঠাত মুগ্ধ হৈছিল মুখ্যমন্ত্ৰী শৰ্মা। জোৱান গৰাকীক অসম আৰক্ষীৰ চিপাহী ৰূপে নিযুক্তি দিয়াত কেবিনেটৰ সন্মতি ক্ৰমে শনিবাৰে নিযুক্তি পত্ৰ প্ৰদান কৰে মুখ্যমন্ত্ৰীয়ে।

জনতা ভৱনত আনুষ্ঠানিক নিযুক্তি পত্ৰ প্ৰদানত উপস্থিত থাকে মন্ত্ৰী অতুল বৰা, অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত প্ৰমুখ্যে শীর্ষ বিষয়াসকল।

Your Comments