ডেৰ বছৰৰ পিছত পত্নী গিতাশ্ৰী তামুলী, পুত্ৰ নচিকেতাৰ কাষত বিধায়ক অখিল গগৈ। ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি দুটা দিনৰ বাবে ঘৰলৈ আহিছে কাৰাবন্দী নেতা অখিল গগৈ। শুক্ৰবাৰে গুৱাহাটী নিজৰাপাৰাৰ বাসগৃহত থকাৰ পিছত শনিবাৰে পুৱাই যোৰহাটত থকা মাতৃ প্ৰিয়দা গগৈৰ কাষলৈ যাব গগৈ।
নিজৰাপাৰাৰ বাসগৃহত উপস্থিত হৈয়ে পত্নী-পুত্ৰৰ সৈতে ফটো উঠিলে বিধায়ক গগৈয়ে। পুত্ৰক কাষত পাই আবেগিক হৈ পৰিল গগৈ। এক আনন্দৰ পৰিৱেশ বৰ্তমান অখিলৰ নিজৰাপাৰাৰ বাসগৃহত ৷
- Log in to post comments
- 56 views