আৰএছএছৰ কাৰ্যালয়ত আঁঠুকাঢ়ি মই ক্ষমা খুজিম- ৰূপজ্যোতি কুর্মী

HBS-Rupjyoti

সোমবাৰে বিজেপিত যোগদান কৰিব মৰিয়নিৰ প্ৰাক্তন কংগ্ৰেছ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে।লখিমপুৰত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত বিধায়ক কুৰ্মীয়ে যোগদান কৰিব গেৰুৱা দলটোত।

'বিজেপি দলত আগতেই যাব লাগিছিল।মই পলম কৰিলো।কংগ্ৰেছত থাকি ডাঙৰ সময় অপচয় কৰিলোঁ।মৰিয়নি সমষ্টিৰ উন্নয়ন অলপ বেছি হ’ল হয়'- কুৰ্মীয়ে কয়।

কংগ্ৰেছ বিধায়ক হৈ থাকোতে মৰিয়নিত আৰএছএছৰ সভাৰ আয়োজনক লৈ তেওঁ প্ৰতিবাদ কৰিছিল সেই প্ৰসংগত কুর্মীয়ে কয়- 'মৰিয়নিবাসী ৰাইজৰ বাবে আৰএছএছৰ ওচৰত আঁঠুকাঢ়ি তেওঁলোকৰ ওচৰত হাতযোৰ কৰি ক্ষমা বিচাৰিম'।

অখিল গগৈ মোৰ জ্যেষ্ঠ ভাতৃ আছিল আৰু হৈ থাকিব কুর্মীয়ে লগতে কয়।

Your Comments