কৰ’নাৰ দ্বিতীয় ঢৌক কাবু কৰিবলৈ ভাৰতলৈ আহিছে আৰু এটা ভেক্‌চিন Covovax

Covovax

কৰ’নাক ধ্বংস কৰাৰ পৰৱর্তী অস্ত্র হাজিৰ কৰিবলৈ আগবাঢ়িছে ভাৰত। তৃতীয়টো ভেক্‌চিনৰ নাম Covovax। ইতিমধ্যে ট্রায়েলৰান আৰম্ভ হৈছে। এই ভেক্‌চিনটো প্ৰস্তুত কৰিছে আদাৰ পুনোৱালাৰ ছিৰাম আৰু আমেৰিকাৰ ভেক্‌চিন ডেভলপাৰ Novavax-এ ৷

পুনোৱালাই জনাইছে, সকলো ঠিকে থাকিলে জুন মাহতে মুকলি কৰা হ’ব Covovax। কিন্তু শনিবাৰে পুনৰ টুইট কৰি তেওঁ জনাই যে, চেপ্তেম্বৰত মুকলি হ’ব Covovax।  ইংলেণ্ডত ট্রায়েলত দেখা গৈছে, এই ভেক্‌চিন ৮৯.৩ শতাংশ কার্যকৰী। আফ্রিকান আৰু ইংলেণ্ডৰ ভেৰিয়েণ্টৰ ওপৰত এই ভেক্‌চিন ট্রায়েল কৰা হৈছে। 

Covovax

কৰ’নাক নির্মূল কৰিবলৈ Covovax ছিৰামৰ দ্বিতীয় কৰ’না ভাইৰাছ ভেক্‌চিন। উল্লেখ্য, ভাৰতত ১৬ জানুৱাৰীৰপৰা আৰম্ভ হৈছে গণটিকাকৰণ। প্রথম শাৰীৰ কৰ’না যোদ্ধাসকলৰ টিকাকৰণৰ পিছত আৰম্ভ হৈছে ৬০ আৰু ৪৫বছৰৰ উৰ্দ্ধৰসকলক  ভেক্‌চিন দিয়াৰ প্রক্রিয়া। 

বছৰ সলনি হওঁতেই নিজৰ ৰূপ দেখুৱাবলৈ আৰম্ভ কৰিছে ২৫-৫০ নেনোমিটাৰৰ ভাইৰাছটোৱে। যোৱা সময়চোৱাত যি সংখ্যা আছিল ৬০ হাজাৰ আজি সেই পৰিমাণ ৬২ হাজাৰ হ’লগৈ। ৫ দিনত নতুনকৈ কৰ’না আক্রান্তৰ সংখ্যা বাঢ়িল ১২ হাজাৰৰো অধিক। তীব্ৰগতিত বৃদ্ধি পোৱা কৰ’না আক্রান্তৰ সংখ্যাত ত্রস্ত সমগ্ৰ দেশ।

Your Comments