বছৰ সলনি হওঁতেই নিজৰ ৰূপ দেখুৱাবলৈ আৰম্ভ কৰিছে ২৫-৫০ নেনোমিটাৰৰ ভাইৰাছটোৱে। যাৰ উপদ্ৰৱত গৃহবন্দী হৈছিল সমগ্ৰ বিশ্ব। সেই দিনটোত কিহৰ সন্মুখীন হ’বলৈ গৈ আছে এইবাৰ! উত্তৰ আছে ভৱিষ্যতৰ হাতত।
ক্রমশঃ বৃদ্ধি পাইছে কৰ’না ভাইৰাছ সংক্ৰমণ ৷ যোৱা সময়ত যি সংখ্যা আছিল ৬০ হাজাৰ আজি সেই সংখ্যা ৬২ হাজাৰ হ’লগৈ। ৫ দিনত নতুনকৈ কৰ’না আক্রান্তৰ সংখ্যা বৃদ্ধি পালে ১২ হাজাৰৰো অধিক। অদমনীয় হৈ পৰা কৰ’না আক্রান্তৰ সংখ্যাত ত্রস্ত সমগ্ৰ দেশ।
কৰ’নাৰ দ্বিতীয় ঢৌ-এ মোহাৰি পেলাইছে মহাৰাষ্ট্রক । সেই কথা স্বীকাৰ কৰিছে কেন্দ্রই। কিন্তু, সেই ঢৌৰ প্ৰভাৱ কিমান দূৰ আগবাঢ়িছে সেই সন্দৰ্ভতো আশঙ্কা বৃদ্ধি পাইছে।
আনহাতে মধ্যপ্রদেশত দেওবাৰে ১২ খন চহৰত লক্ডাউন জাৰি কৰা হৈছে। যোৱা ২৪ ঘণ্টাত আক্রান্ত হৈছে ৬২ হাজাৰ ২৫৮ জন লোক। চলিত বছৰত এয়াই সর্বাধিক সংখ্যা। প্রকাশ্যে হোলি খেলাৰ ওপৰতো নিষেধাজ্ঞা জাৰি কৰা হৈছে।
সম্প্রতি নাইট কার্ফিউ জাৰি কৰা হৈছে মহাৰাষ্ট্রত। লগতে দিল্লীতো অহা ২ দিনত একাধিক কঠোৰ নির্দেশিকা জাৰি কৰা হৈছে, কঠোর কৰা হৈছে কৰ’না বিধিনিষেধ।
বহু অঞ্চলত, চহৰ, জিলাত লক্ডাউন ঘোষণা কৰা হৈছে। কিন্তু তথাপিও অদমনীয় হৈ পৰিছে এই সংক্ৰমণ। হাতত ভেক্চিনৰ দৰে দুটা অস্ত্র থকা সত্ত্বেও কিয় বৃদ্ধি পাইছে সংক্রমণ সেই সন্দৰ্ভত চিন্তিত হৈ পৰিছে বিশেষজ্ঞসকল।
- Log in to post comments
- 7 views