পুৱতি নিশা গুৱাহাটীলৈ অনা হয় অসম আৰক্ষীৰ লিখিত পৰীক্ষাৰ প্ৰশ্ন কাকত কেলেংকাৰীৰ অন্যতম মূল অভিযুক্ত অসম আৰক্ষীৰ প্ৰাক্তন ডিআইজি প্ৰশান্ত কুমাৰ দত্তক।অসম আৰক্ষীৰ আইন শৃংখলা শাখাৰ অতিৰিক্ত সঞ্চালক প্ৰধান জি পি সিঙে পশ্চিমবংগৰ পৰা অসমলৈ আনে অভিযুক্ত দত্তক।উল্লেখ যে যোৱা ২০ ছেপ্টেম্বৰৰ পৰা আত্মগোপন কৰি থকা দত্তক মঙলবাৰে ভাৰত-নেপাল সীমান্তত অসমলৈ আহি থকা অৱস্থাত গ্ৰেপ্তাৰ কৰা হৈছিল।
ইফালে,বৰ্তমান গুৱাহাটীৰ চিআইডিৰ কাৰ্য্যালয়ত ৰখা হৈছে দত্তক।আজি বিয়লি ভাগলৈ আদালতত হাজিৰ কৰোৱা হ'ব।চিআইডিয়ে নিজৰ জিম্মাত ল'ব ধৃত দত্তক।
বৰ্তমান চি আই ডি কাৰ্যলয়ত জেৰা চলাই থকা হৈছে প্ৰাক্তন ডি আই জি গৰাকীক।
গুৰুত্বপূৰ্ণ কথা অসম আৰক্ষী উপ-পৰিদৰ্শকৰ লিখিত পৰীক্ষা প্কেলেংকাৰী লগত দত্ত গুৰুত্ব ভাৱে জড়িত থকা অভিযোগ আছে।
- Log in to post comments
- 14 views