কাৰাৰূদ্ধ কৃষক নেতা অখিল গগৈৰ বিৰুদ্ধে পুনৰ ষড়যন্ত্ৰ!ৰাষ্ট্রীয় অনুসন্ধানকাৰী সংস্থাৰ দ্বিতীয়টো গোচৰ ১/২০২০ত কৃষক নেতাগৰাকীয়ে লাভ কৰিছিল জামিন।'নিয়া'ৰ বিশেষ আদালতে চাবুৱা থানাত ৰুজু হোৱা নিয়ালৈ হস্তান্তৰ কৰা গোচৰটোত যোৱা ১ অক্টোবৰত প্ৰদান কৰিছিল জামিন।আদালতে প্ৰদান কৰা জামিনক প্ৰত্যাহ্বান জনাই নিয়াৰ অধিবক্তা পুনৰ দ্বাৰস্থ হৈছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ।
গুৰুত্বপূৰ্ণ যে নিয়াৰ আবেদন তৎকালীনভাৱে গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিব লাগে বুলি অধিবক্তাই ন্যায়ালয়ক অনুৰোধ জনাইছে।
আনহাতে,নিয়াৰ প্ৰথমটো গোচৰ ১৩/১৯ত নিয়াৰ আদালতে কৃষক নেতাগৰাকীক জামিন প্ৰদান কৰাৰ পিছত গুৱাহাটী উচ্চ ন্যায়ালয়ে জামিনৰ স্থগিতাদেশ দিছিল।উক্ত স্থগিতাদেশৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ত সোমবাৰে অনুষ্ঠিত হয় শুনানি।পুনৰ উক্ত গোচৰত শুকুৰবাৰে অনুষ্ঠিত হ'ব শুনানি।
- Log in to post comments
- 32 views