ব্যৰ্থ অসম আৰক্ষী,দাৰ্জিলিং আৰক্ষীৰ তৎপৰতাতহে এছআই কাণ্ডৰ মূল অভিযুক্ত প্ৰশান্ত দত্তক গ্ৰেপ্তাৰ

P Dutto

অসম আৰক্ষীৰ উপ-পৰিদৰ্শকৰ লিখিত পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিলৰ অন্যতম মূল অভিযুক্ত অসম আৰক্ষীৰ প্ৰাক্তন ডিআইজি প্ৰশান্ত দত্তক অৱশেষত গ্ৰেপ্তাৰ।ভাৰত-নেপাল সীমান্তৰ কাকৰভিটা পানী টেংকীত দাৰ্জিলিং আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে দত্তক।জোঁৱায়েকৰ সৈতে অসমলৈ আহি থকাৰ সময়ত ঘটনাৰ মূল অভিযুক্ত দত্তক গ্ৰেপ্তাৰ কৰা হৈছে।এই কথা ঘোষণা কৰিছে অসম আৰক্ষী আইন শৃংখলা শাখাৰ অতিৰিক্ত সঞ্চালক প্ৰধান জি পি সিঙে।ইতিমধ্যে অসম আৰক্ষীৰ এটা দল ৰাওনা হৈছে ভাৰত-নেপাল সীমান্তলৈ।

উল্লেখ যে যোৱা ২০ ছেপ্টেম্বৰৰ পৰা আত্মগোপন কৰি আছিল দত্তই।পাঁচ দিনৰ পূৰ্বে ঘটনাৰে জড়িত অন্যতম অভিযুক্ত দ্বিবন ডেকাক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে।

গুৰুত্বপূৰ্ণ যে পি কে দত্তৰ সন্ধান দিব পৰা লোকলৈ অসম আৰক্ষীয়ে ১ লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছিল।দত্ত মালিকানাধীন হোটেল ভাৰ্গৱ গ্ৰেণ্ডত এছআইৰ লিখিত পৰীক্ষাৰ প্ৰস্তুতিৰ বিষয়ে ১৯ ছেপ্টেম্বৰত পোহৰলৈ আহিছিল।তাৰ পিছৰে পৰা আত্মগোপন কৰি আছিল দত্ত।

উল্লেখ যে ধৃত দত্তৰ সৈতে পুত্ৰ ঈশান আৰু জোঁৱায়েক সুজানো আছে। 

ইফালে,অসম আৰক্ষীয়ে নিজাকৈ গ্ৰেপ্তাৰ কৰিব নোৱাৰিলে দত্তক।দাৰ্জিলিং আৰক্ষীৰ সহযোগত জালত পৰিল দত্ত।

Your Comments