১ নৱেম্বৰৰ পৰা অসমত বিদ্যালয়,মহাবিদ্যালয়সমূহ পুনৰ খোলা হ’ব 

Students

শিক্ষামন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই জনাইছে যে অসমৰ বিদ্যালয়, মহাবিদ্যালয়সমূহ ১নৱেম্বৰৰ পৰা পুনৰ খোলা হ’ব ৷ 

কেন্দ্ৰীয় চৰকাৰৰ 'আন্‌লক-৫' ৰ নিয়মাৱলী অনুসৰি দেশৰ শিক্ষা প্ৰতিষ্ঠানসমূহ ১৫ অক্টোবৰৰপৰা খুলিবলৈ অনুমতি দিছিল যদিও অসম চৰকাৰে ৩১অক্টোবৰলৈকে শিক্ষা প্ৰতিষ্ঠানসমূহ বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰে৷ যদিও বিদ্যালয়সমূহত নৱমৰ পৰা দ্বাদশ শ্ৰেণীলৈকে শিক্ষাদান কাৰ্যসূচী ক’ভিড নিয়মানুসাৰে চলাই থকা হৈছে ৷

বুধবাৰে কেন্দ্ৰীয় চৰকাৰৰ নতুন নিয়মাৱলী অনুসৰি ১৫ অক্টোবৰৰপৰা শিক্ষানুষ্ঠানসমূহ খোলাৰ অনুমতি দিয়ে যদিও সেয়া কেৱল কাৰ্যকৰী হ’ব শিক্ষানুষ্ঠানসমূহৰ মুৰব্বীৰ সৈতে আলোচনা কৰি পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখিহে।শিক্ষাৰ্থীসকলৰ উপস্থিতি বাধ্যতামূলক নহ’ব।

Your Comments