কৃষক মুক্তিসহ ৭০ সংগঠনৰ ৰাজনৈতিক দলৰ উপদেষ্টা নহয় ডঃ নগেন শইকীয়া

Dr. Nagen Saikia

কৃষক মুক্তিসহ ৭০ সংগঠনে জন্ম দিয়া ৰাজনৈতিক দল 'ৰাইজৰ দল'ত নাথাকে শিক্ষাবিদ ডঃ নগেন শইকীয়া।প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে ড:শইকীয়াই এই কথা ঘোষণা কৰে।

'মই অসমৰ সকলো ৰাজনৈতিক দল একেলগ হোৱাতো বিচাৰোঁঁ আৰু ঐক্যবদ্ধ হৈ অহা নিৰ্বাচনী যুদ্ধত অৱতীৰ্ণ হোৱাতো বিচাৰোঁঁ।কিন্তু মই কোনোবা এটা বিশেষ দলৰ উপদেষ্টা হৈ থকা প্ৰশ্ন নুঠে।অসমক ভালপোৱা,অসমৰ স্বাৰ্থৰ বাবে কাম কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ সকলো একেলগ হোৱাটোৱেই সময়ৰ আহ্বান"- এইদৰে প্ৰকাশ কৰিছে ড: শইকীয়াই।

সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত হোৱা 'অসম জাতীয় পৰিষদ'ৰ বৰ জাপিটোৰ তলত সকলো একেলগ হোৱাটো বিচাৰো বুলি উল্লেখ কৰি ড:নগেন শইকীয়াই কয়-"বেলেগ বেলেগ গোটে নিজৰ পৰিচয় ৰাখি ঐক্যবদ্ধ হ'লেও তেওঁৰ সমৰ্থন থাকিব বুলি বিজ্ঞপ্তিটোত উল্লেখ কৰিছে।"

অসমৰ বাবে কাম কৰা সকলোৰে প্ৰতি আন্তৰিক শুভেচ্ছা আছে আৰু থাকিব বুলি স্পষ্টকৈ উল্লেখ কৰিছে বিশিষ্ট সাহিত্যিক- শিক্ষাবিদগৰাকীয়ে।

শিক্ষাবিদগৰাকীৰ অনুমতি নোলোৱাকৈ কোনেও যাতে তেওঁৰ নাম ব্যৱহাৰ নকৰে,তাৰ বাবে আহ্বান জনায় শইকীয়াই।সদৌ অসম ছাত্ৰ সন্থাৰ নিৰ্বাচনৰ পিছলৈ সকলোকে অপেক্ষা কৰিবলৈ তেওঁ আহ্বান জনায়।

Your Comments