"APSC তকৈ ভয়াৱহ SI নিযুক্তি কেলেংকাৰী"-অখিল গগৈ

Akhil Gogoi

*চিবিআইৰ জৰিয়তে হ'ব লাগে তদন্ত*


"অসম আৰক্ষীৰ উপ-পৰিদৰ্শকৰ নিযুক্তি কেলেংকাৰী অসম লোক সেৱা আয়োগৰ কেলেংকাৰীতকৈ অধিক ভয়ংকৰ।'এছআই' পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিলৰ তদন্ত দায়িত্ব চিবিআইক দিব লাগে"-এই গুৰুত্বপূূৰ্ণ দাবী কাৰাবন্দী কৃষক নেতা অখিল গগৈৰ।"এয়া সৰু-সুৰা কেলেংকাৰী নহয়,দেশ কপোঁঁৱা এটা ভয়াৱহ কেলেংকাৰী।তদন্ত নিৰপেক্ষ হ'বলৈ হলে অসম চৰকাৰৰ সংস্থা নহয়, কেন্দ্ৰীয় চৰকাৰৰ সংস্থা অথবা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ দ্বাৰা হ'ব লাগিব।"লগতে তেওঁ কয়।


চিআইডিক তদন্তৰ দায়িত্ব অৰ্পণ কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কেলেংকাৰীৰ নিজৰ মতে ব্যাখ্যা দিবলৈ বিচাৰিছে।এই গুৰুতৰ অভিযোগ উত্থাপন কৰে কৃষক নেতাগৰাকীয়ে।

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতাললৈ স্বাস্থ্য পৰীক্ষা কৰিবলৈ অনাৰ সময়ত কৃষক নেতাগৰাকীয়ে কয়- "কেলেংকাৰীত কেৱল অৱসৰপ্ৰাপ্ত পুলিচ বিষয়া বা বিজেপিৰ নেতা জড়িত নহয়।শাসক দল আৰু চৰকাৰৰ পৃষ্ঠপোষকতাত  সমগ্ৰ কেলেংকাৰী সংঘটিত হৈছে।নিজৰ দলৰ আৰু নিজৰ মতাদৰ্শৰ যুৱকক চাকৰিত নিযুক্তি দিয়াবলৈ এই কেলেংকাৰী কৰা হৈছে।"

গগৈয়ে লিখিতভাৱে সংবাদ মাধ্যমক দিয়া পত্ৰত উল্লেখ কৰি কৈছে এইদৰে-"বিজেপি চৰকাৰৰ দিনৰ সকলোবোৰ নিযুক্তি পৰীক্ষা কেলেংকাৰীৰে পূৰ্ণ।প্ৰাঞ্জল বৰুৱা নামৰ যুৱকজনক জেৰা কৰিলে সকলো কেলেংকাৰী ফাদিল হ'ব।"

"বিজেপি চৰকাৰ নিবনুৱাৰ মূৰ খোৱা চৰকাৰ।কংগ্ৰেছতকৈ দুৰ্নীতিপূৰ্ণ চৰকাৰ।এছআই কেলেংকাৰীৰ বাবে গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰিব লাগে"-গগৈয়ে লগতে কয়।

Your Comments