'গলৱানত ভাৰতীয় সেনাৰ হাতত চীনা সৈন্য নিহত হৈছিল'-অৱশেষত স্বীকাৰ কৰিলে চীনে

India trash China

অৱশেষত আগ্ৰাসী চীনে স্বীকাৰ কৰিবলৈ বাধ্য হ'ল বিগত জুন মাহত লাডাখৰ গলৱান উপত্যকাত ভাৰতীয় সৈনিকৰে সংঘৰ্ষত চীনা সৈন্য নিহত হোৱাৰ কথা।চীনৰ শাসনাধিষ্ঠ চাইনীজ কমিউনিষ্ট পাৰ্টীয়ে প্ৰকাশ কৰা 'গ্লোবেল টাইমছ' সংবাদপত্ৰৰ মুখ্য সম্পাদক হু ঝিজিনে ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ এটা বক্তব্য সন্দৰ্ভত টুইট কৰি কয় যে গলৱানত চীনৰ সৈনিকো নিহত হৈছিল।অৱশ্যে ঝিজিনে মিথ্যাচাৰ কৰে যে চীনৰ নিহত সৈন্যৰ সংখ্যা ভাৰতৰ সৈন্যতকৈ কম আছিল।

Global Times

উল্লেখ্য যে গলৱানত চীনৰ সৈনিক নিহত হোৱাৰ কথা লুকুৱাবলৈ চীন চৰকাৰে আনকি এই মৃত সৈন্যসকলৰ অন্তিম সংস্কাৰ কৰিবলৈ পৰিয়ালবৰ্গক অনুমতি দিয়া নাছিল।

Your Comments