সীমান্তত কূট-কৌশলী চীনা সৈন্যৰ আজৱ কাণ্ড!

Ladakh China Border

*লাউড স্পীকাৰত পঞ্জাবী গীত বজাই ভাৰতীয় সেনাৰ ওপৰত মানসিক চাপ প্ৰয়োগৰ প্ৰচেষ্টা*

লাডাখত প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত চীনা সৈন্যই অৱলম্বন কৰিছে নতুন কৌশল।লাডাখৰ সীমান্তৰ ফিঙ্গাৰ ৪ এলেকাত চীনা সৈন্যই এতিয়া লাউড স্পীকাৰত পঞ্জাবী গীত বজাবলৈ ধৰিছে।ফিঙ্গাৰ ৪ এলেকাত সীমা সুৰক্ষাত ২৪ ঘণ্টাই নিয়োজিত ভাৰতীয় সেনাৰ মাজত শিখ জোৱানসকল থকাৰ দিশটোলৈ লক্ষ্য ৰাখি ভূমি দখলৰ সুযোগত থকা চীনা সৈনিকসকলে লাউড স্পীকাৰত পঞ্জাবী গীত বজাই আছে।ইয়াৰ জড়িয়তে শিখ জোৱানসকলৰ ওপৰত মানসিক চাপ সৃষ্টি কৰিব বুলি ভাবিছে চীনাসকলে।অৱশ্যে,চীনাৰ এনে কৌশলে একেবাৰেই ফল ধৰা নাই।ভাৰতীয় সৈন্যসকলে চীনা সৈন্যৰ যিকোনো দুঃসাহস প্ৰতিহত কৰিবলৈ প্ৰতি মুহূৰ্ততে সষ্টম হৈ আছে।

Your Comments