সুখবৰ:মানৱ শৰীৰৰ ওপৰত কৰা প্ৰাৰম্ভিক পৰীক্ষাত ৰাছিয়ান ক'ৰ'না ভেকচিনে দেখুৱাইছে কাৰ্যকৰী ফল

Corona Vaccine

ৰাছিয়াই বিগত আগষ্ট মাহত বিশ্বৰ প্রথমটো ক'ৰ'না ভেকচিন প্ৰস্তুত কৰাৰ দাবী কৰিছিল।অৱশ্যে,বিশ্ব স্বাস্থ্য সংস্থা তথা আমেৰিকা আদি দেশে ৰাছিয়ান ভেকচিনৰ ওপৰত বিশ্বাস ৰখা নাছিল।কিন্তু,শেহতীয়া এটা পৰীক্ষাত ৰাছিয়ান ভেকচিন মানৱ শৰীৰৰ বাবে সুৰক্ষিত আৰু ফলদায়ক হিচাপে প্ৰমাণ হৈছে।'দ্য লেনছিট'ত প্ৰকাশিত এটা প্ৰতিবেদন মতে,প্ৰাৰম্ভিক পৰ্যায়ৰ এটা নন ৰেনড'মাইজড ভেকচিন ট্ৰায়েলত ক'ৰ'না ভাইৰাছ প্ৰতিৰোধী ভেকচিনটোৱে ভাল ফল দেখুৱাইছে।ভেকচিনটোৰ দুটা ফৰমুলেচনৰ ৭৬ জন লোকৰ ওপৰত কৰা পৰীক্ষাত ৪২ দিনত ছেফটি প্ৰ'ফাইলৰ বিষয়ে অৱগত হোৱা গৈছে।লগতে,ট্ৰায়েলৰ ২১ দিনৰ ভিতৰতে সকলো ৭৬ গৰাকী স্বেচ্ছাসেৱকৰ শৰীৰত এন্টিবডীৰ ভাল সঁহাৰি দেখিবলৈ পোৱা যায়।

Your Comments