নগাঁৱত যতীন বৰাৰ পুত্তোলিকা দাহ ছাত্ৰ সমাজৰ:সামাজিকভাৱে বৰ্জনৰ হুংকাৰ 

নগাঁও

নগাঁৱৰ পৰা ৱাহিদুদ জামান:

জনপ্ৰিয় অভিনেতা যতীন বৰাৰ বিৰুদ্ধে নগাঁৱত ক্ষোভৰ অগনি আজিও অব্যাহত আছে।ৰাজহুৱা ক্ষমা প্ৰাৰ্থনাৰে পুনৰ বিজেপিলৈ গমন কৰা যতীন বৰা এতিয়া নিজৰ গৃহভূমি নগাঁৱত গৰিহনাৰ সন্মুখীন হ'ব লগা হৈছে।এতিয়া নিজৰ গৃহ জিলাতেই আদৰ হেৰুৱাব লগা হৈছে। উল্লেখ যে বিগত বৰ্ষৰ ডিচেম্বৰ মাহৰ পৰা ৰাজ্যখনত প্ৰৱল ৰূপ ধাৰণ কৰা 'কা' বিৰোধী আন্দোলনত অংশ লৈ ৰাইজৰ বাঃ বাঃ ল'বলৈকে বিজেপি দল ত্যাগ কৰি আন্দোলনৰ পক্ষত থিয় দিছিল যতীন বৰাই। ইয়াৰ বাবে যতীনক ৰত্নাকৰ বাল্মিকী হ'ল বুলি ৰাইজে মন্তব্য কৰিছিল। কিন্তু ২০২১ৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে চল চাই কঠিয়া পাৰি,পুনৰ বিজেপিমুৱা হ'ল যতীন বৰা। ১৭ আগষ্টত এখন সংবাদ মেল পাতি ৰাজহুৱা ক্ষমা প্ৰাৰ্থনা কৰাৰ লগতে 'কা' বিৰোধী আন্দোলনকাৰীক কঠোৰ সমালোচনা কৰিছিল অভিনেতাগৰাকীয়ে। ইয়াতে ভীষণভাৱে ক্ষুণ্ণ হৈ পৰিছে নগাঁৱৰ দল- সংগঠন। শুকুৰবাৰে নগাঁৱৰ ছাত্ৰ সমাজৰ উদ্যোগত নগাঁও চহৰৰ গোপীনাথ দেৱগোস্বামী বাণিজ্য মহাবিদ্যালয়ৰ সন্মুখৰ ৩৭ নং ৰাষ্ট্ৰীয় পথত অভিনেতা যতীন বৰাৰ পুত্তোলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰী ছাত্ৰসকলে যতীন বৰাৰ বিৰুদ্ধে বিভিন্ন শ্ল'গান দি ৰাজপথ উত্তাল কৰি তোলে। উল্লেখ যে যতীন বৰাই এইখন মহাবিদ্যালয়ত অধ্যয়ন কৰিছিল। যতীন বৰাৰ শেহতীয়া স্থিতিক কঠোৰ সমালোচনা কৰি ছাত্ৰ সমাজে কয় যে অভিনেতা যতীন বৰা এজন সুবিধাবাদী ব্যক্তি। তেওঁ ৰাইজৰ আৱেগক লৈ খেল খেলিবলৈ বিচাৰিছে। তেওঁ নিশ্চিতভাৱে ইয়াৰ পৰিণাম ভুগিব লাগিব। সংগ্ৰামৰ পৰিভাষা বুজি নোপোৱা যতীন বৰাৰ বিৰুদ্ধে আমাৰ সংগ্ৰাম অব্যাহত থাকিব। প্ৰতিবাদী ছাত্ৰসকলে যতীন বৰাক প্ৰতাৰক আখ্যা দি তেওঁক সামাজিকভাৱে বৰ্জন কৰা হ'ব বুলি ঘোষনা কৰে।

 

Your Comments