বামুন্দীত লক্ষধিক টকা মূল্যৰ চোৰাং গছৰ কুণ্ডা জব্দ 

Pic

মৃণাল ডেকা,শুৱালকুছি:

কামৰূপ জিলাৰ শুৱালকুছি আৰক্ষী থানাৰ অন্তৰ্গত বামুন্দীৰ ব্ৰহ্মপুত্ৰৰ পাৰত যোৱা ২০ আগষ্টত প্ৰায় ৩০ টা চোৰাং গছৰ কুণ্ডা হাজো বন বিভাগে শুৱালকুছি আৰক্ষীৰ সহযোগত উদ্ধাৰ কৰে ৷ হাজো বনাঞ্চলিক কাৰ্য্যালয়ৰ বন বিষয়া মৃণালজ্যোতি মেধিৰ নেতৃত্বত যোৱা বন কৰ্মী আৰু শুৱালকুছি আৰক্ষীৰ এটা দলে চোৰাং গছৰ কুণ্ডাকেইটা জব্দ কৰে আৰু হাজোস্থিত বনাঞ্চলিক কাৰ্য্যালয়লৈ আনে ৷ বনাঞ্চলিক বিষয়া মৃণালজ্যোতি মেধিয়ে জানিবলৈ দিয়া অনুসৰি ব্ৰহ্মপুত্ৰ নদীৰ মাজৰে যন্ত্ৰচালিত নাৱত চৰাঞ্চলৰ পৰা চোৰাং কাঠৰ অবৈধ কাঠৰ কুণ্ডা আহি থকা বুলি গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই কাঠসমূহ জব্দ কৰিবলৈ সক্ষম হয় ৷ উল্লেখ যে অবৈধ চোৰাং কাঠৰ  ব্যৱসায়ৰ সন্দৰ্ভত ইয়াৰ পূৰ্বে সংবাদ মাধ্যমত বাতৰি প্ৰকাশ হৈছিল ৷ ইয়াৰ পিছতে হাজো বনাঞ্চলিক বিভাগে উক্ত অঞ্চলত অভিযান চলাই প্ৰায় লক্ষধিক টকা মূল্যৰ চোৰাং গছৰ কুণ্ডা জব্দ কৰিবলৈ সক্ষম হয় ৷

Your Comments