দ্বিজেন ডেকা,ঘগ্ৰাপাৰ:
নলবাৰী জিলাৰ পূব নলবাৰী শিক্ষাখণ্ডৰ অন্তৰ্গত ১নং খাতা কেন্দ্ৰত বুধবাৰে এখন শৈক্ষিক সভা অনুুুষ্ঠিত হয়।সমন্বয়ক সুভাষ বৰ্মনৰ পৌৰোহিত্যত অনুষ্ঠিত এই সভাত ওঠৰখন স্কুলৰ বিদ্যালয় প্ৰধানৰ উপৰিও ভালেসংখ্যক কৃতী শিক্ষকে যোগদান কৰে।৩৪ বছৰৰ মূৰত প্ৰক্ষেপিত নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ গোটাচেৰেক গুৰুত্বপূৰ্ণ দিশৰ লগতে ছাত্ৰ-বৃত্তিৰ বাবে ৰাষ্ট্ৰীয় ছাত্ৰ-বৃত্তিৰ প'ৰ্টেলত বিদ্যালয়ৰ নাম পঞ্জীয়নৰ পদ্ধতি আৰু প্ৰক্ৰিয়া সন্দৰ্ভত সভাখনত আলোচনা কৰা হয়। এইখন সভাতে পূব নলবাৰী শিক্ষাখণ্ডৰ 'গুৰুকুলম' নামৰ ইউটিউব চেনেলটোৰ প্ৰসাৰ আৰু প্ৰচাৰৰ বাবে বিশেষ চৰ্চা কৰা হয়। উল্লেখ্য যে এই ইউটিউব চেনেলটোৰ দৰ্শকৰ সংখ্যাই ৭৪,০০০ অতিক্ৰম কৰিছে আৰু সমগ্ৰ অসমৰ চৰকাৰী মাধ্যমৰ প্ৰাথমিক স্তৰৰ ছাত্ৰ-ছাত্ৰীসকলক বহুলাংশে উপকৃত কৰিছে। বিভাগীয়ভাৱে জানিব পৰা মতে এই গুৰুত্বপূৰ্ণ সভাখনতে ধৰ্মীয় সংখ্যালঘুৰ ছাত্ৰ-বৃত্তিৰ তথ্য সন্দৰ্ভতো আলোচনা কৰা হয়।কেন্দ্ৰটোৰ শিক্ষক মহেশ কলিতা,বিতু দাস,দিগন্ত দাস আৰু ধনজিৎ বৰ্মনে সভাৰ কাৰ্য পৰিচালনাত বিশেষ সহায় কৰে।খাতা কেন্দ্ৰৰ এই শিক্ষাসদী কাৰ্যক্ৰমৰ বাবে পূব নলবাৰী শিক্ষাখণ্ডৰ বিষয়া নিকুঞ্জ বৰ্মনে সমন্বয়ক সুভাষ বৰ্মন প্ৰমুখ্যে বিদ্যালয় প্ৰধানসকলক ধন্যবাদ আৰু কৃতজ্ঞতা জনায়।সমন্বয়কৰ প্ৰত্যক্ষ সহযোগিতাত এই কেন্দ্ৰটোৰ শিক্ষক ৰজনী হালৈ আৰু কবিতা দেৱীয়ে অষ্টম শ্ৰেণীৰ আৰু কিশোৰ দাসে পঞ্চম শ্ৰেণীৰ জিলা পৰ্যায়ৰ গণিতৰ প্ৰশ্নভাণ্ডাৰ প্ৰস্তুত কৰাৰ বাবে জিলাখনৰ শৈক্ষিক মহলে ধন্যবাদ জনাইছে।
- Log in to post comments
- 50 views