বৰভাগৰ কোটালকুছি শ্ৰীশ্ৰীজয়জগন্নাথ মন্দিৰৰ দুশবছৰীয়া উৎসৱ উদযাপনৰ পুনৰ প্ৰস্তুতি

বাহাৰঘাটৰ পৰা নৰেন শৰ্মা:

দেশত ক'ৰ'না ভাইৰাছৰ সংক্ৰমণৰ বাবে স্থগিত কৰা নলবাৰী জিলাৰ বৰভাগৰ কোটালকুছি শ্ৰীশ্ৰীজয় জগন্নাথ মন্দিৰৰ দুশ বছৰীয়া জয়ন্তী উৎসৱ পৰিস্থিতি সাপেক্ষে আগন্তুক ২০২১ চনৰ শেষৰফালে পুনৰ  আয়োজন কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে। যোৱা১৬ আগষ্টত অনুষ্ঠিত হোৱা এখন ৰাজহুৱা সভাত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। মন্দিৰ প্ৰাংগণত বিশিষ্ট নাগৰিক কমলা কান্ত পাটোৱাৰীৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত জয়ন্তী উৎসৱৰ মুখ্য সম্পাদক ডাঃ বিপিন চন্দ্ৰ কলিতাই উক্ত সভাত উৎসৱৰ প্ৰাৰম্ভিক খৰছৰ আংশিক খতিয়ান ডাঙি ধৰে। আনহাতে,যিসকল ব্যক্তিৰ হাতত ৰচিদ বহী, কুপন আৰু সংগৃহীত ধন জমা আছে সেইসকল সদাশয় ব্যক্তিক মুখ্য সম্পাদকৰ হাতত সকলো জমা দিয়াৰ বাবে ব্যক্তিসকলৰ লগত যোগাযোগ কৰিবলৈ সম্পাদকক পৰামৰ্শ দি সভাই প্ৰস্তাৱ গৃহীত কৰে। দুশবছৰীয়া জয়ন্তী উৎসৱ পুনৰ উৎসাহ- উদ্দীপনাৰে উদযাপন কৰিবলৈ ৰাইজৰ পৰা সহায়-সহযোগৰ আহ্বান জনায় বক্তব্য প্ৰদান কৰে ক্ৰমে তৰুণ তালুকদাৰ, জীতু তালুকদাৰ, মদন কলিতা, অমৃত কলিতা, দণ্ডীৰাম দাসে আদিয়ে। উল্লেখ্য যে উক্ত উৎসৱ যোৱা ১৯ মাৰ্চৰ পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱাৰ কথা আছিল।

Your Comments