এগৰাকী হস্তশিল্পীৰ মৰ্মবেদনা উপলব্ধি কৰিবনে চৰকাৰে ?

এগৰাকী হস্তশিল্পীৰ মৰ্মবেদনা উপলব্ধি কৰিবনে চৰকাৰে ?

ৰাজ্যৰ শিল্পী সমাজক কিমান গুৰূত্ব দিয়ে চৰকাৰে ? এখন মানপত্ৰতেই সীমাবদ্ধ থাকে নেকি এজন শিল্পীৰ মৰ্যাদা ? কেতিয়াবা চৰকাৰে দেখিছেনে শিল্পীৰ চকুপানী ? বুজিছেনে মৰ্মবেদনা ? হয়, এইবোৰ প্ৰশ্নই উচ্চাৰিত হয় এতিয়া সততে ।

তেনে এক শিল্পীৰ কথাই ক'ব খোজা হৈছে ৷ ৰাষ্ট্ৰীয় পৰ্যায়ত সন্মানিত হস্তশিল্পী জিতেন বৰাই এখন স্বীকৃতি-পত্ৰৰ কাৰণে চৰকাৰৰ হস্তশিল্প উন্নয়ন পৰিষদৰ দুৱাৰে দুৱাৰে ঘূৰিও সফল নহ'ল ।

এইজন হস্তশিল্পী জিতেন বৰাই প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সংস্পৰ্শলৈ অহাৰ লগতে চৰকাৰীভাৱে অনুষ্ঠিত বিভিন্ন প্ৰদৰ্শনীত সন্মানিতও হৈছিল । তথাপি নগাঁও জিলাৰ কামপুৰৰ বিলচাআটি গাঁৱৰ জিতেন বৰা নামৰ শিল্পীগৰাকীক এখন স্বীকৃতিৰ প্ৰমাণ-পত্ৰ বিগত ৪ বছৰে বিভাগীয় কাৰ্যালয় আৰু চৰকাৰে দিব নোৱাৰিলে ।

এগৰাকী হস্তশিল্পীৰ মৰ্মবেদনা উপলব্ধি কৰিবনে চৰকাৰে ?

উল্লেখ্য যে মৰাণৰ কিৰণ নগৰত জন্মগ্ৰহণ কৰা জিতেন বৰাৰ সৰুতে পিতৃ বিয়োগ হোৱাৰ পিছত তেওঁ বাঁহ আৰু কাঠৰ সামগ্ৰী নিৰ্মাণ কৰি অতি দুখীয়া পৰিয়ালটো পোহপাল দিছিল ।

১৯৮৩ চনত বাঁহেৰে শিৱই সতীৰ মৃতদেহ কঢ়িয়াই লৈ ফুৰা প্ৰতিমূৰ্তি নিৰ্মাণ কৰি ৰাইজৰ পৰা প্ৰশংসা বুটলিবলৈ সক্ষম হয় । বৰাই নগাঁও জিলাৰ উদ্যোগ বিভাগে প্ৰতিযোগিতামূলকভাৱে আয়োজন কৰা বিভিন্ন প্ৰদৰ্শনীত অংশগ্ৰহণ কৰি খ্যাতি অৰ্জন কৰিছিল ।

২০০৯ চনত তেওঁ স্বীকৃতি লাভ কৰে ।  বিগত বৰ্ষত প্ৰধান মন্ত্ৰীৰ জন্মদিনত মোডীৰ বাসগৃহত উপস্থিত হৈ প্ৰধান মন্ত্ৰীক এটা উপহাৰ দিছিল । উপহাৰটোত আছিল শিল্পী জিতেন বৰাৰ হাতৰ পৰশত প্ৰাণ পাই উঠা মোডীৰ এটি কাঠৰ মূৰ্তি ।

এগৰাকী হস্তশিল্পীৰ মৰ্মবেদনা উপলব্ধি কৰিবনে চৰকাৰে ?

শিল্পীজনৰ লগত সেইখিনি সময়ত সংগ দিছিল নগাঁও লোকসভা সমষ্টিৰ সাংসদ তথা বৰ্তমানৰ কেন্দ্ৰীয় ৰাজ্যিক ৰে'লমন্ত্ৰী ৰাজেন গোঁহায়ে । ১৯৮৩ চনৰ পৰা এগৰাকী কাঠমিস্ত্ৰী হিচাপে জীৱন নিৰ্বাহ কৰা জিতেন বৰাই হস্তশিল্পৰ লগত জড়িত হৈ চৰকাৰীভাৱে আয়োজন কৰা বিভিন্ন প্ৰদৰ্শনীত খ্যাতিৰে সন্মানিত হোৱাৰ পিছতো ২০০৯ চনত ৰাষ্ট্ৰীয়ভাৱে স্বীকৃতি লাভ কৰে ।

তেওঁৰ হাতৰ পৰশত কাঠত প্ৰাণ পাই উঠিছিল ভাৰতবৰ্ষৰ মহান ব্যক্তিসকল । কিন্তু এনে এগৰাকী শিল্পী চৰকাৰীভাৱে আজিও অৱহেলিত । নিজৰ দুৰ্দশাগ্ৰস্ত জীৱনৰ বাবে অহৰ্নিশে চকুলো নিগৰিছে জিতেন বৰাৰ ।

নিজৰ কৰ্মৰ যোগ্যতাৰ প্ৰমাণ-পত্ৰখন বিচাৰি চৰকাৰী কাৰ্যালয়ৰ দুৱাৰে দুৱাৰে ঘূৰিবলগা হৈছে জিতেন বৰাই । তথাপিও কাণষাৰ নাই চৰকাৰ আৰু বিভাগৰ । 
এই ক্ষেত্ৰত জিতেন বৰাই আক্ষেপেৰে প্ৰকাশ কৰে যে নৱপ্ৰজন্মই হস্তশিল্প উদ্যোগলৈ চৰকাৰী অৱহেলাৰ বাবেই জড়িত হ'বলৈ মন নেমেলা হৈছে ।

গতিকে হস্তশিল্প উদ্যোগটো এটা কঠিন দিশলৈ গতি কৰিছে । তেওঁ হস্তশিল্পৰ লগত জড়িত শিল্পীসকলক গুৰুত্ব দিবৰ বাবে আহ্বান জনায় ।

Your Comments