ঘগ্ৰাপাৰৰ দিহজাৰীত ৪০টা দৰিদ্ৰ পৰিয়ালক খাদ্য সামগ্ৰী বিতৰণ গ্ৰাম্য বিকাশ মঞ্চৰ

Pic

দ্বিজেন ডেকা,ঘগ্ৰাপাৰ:

সমগ্ৰ বিশ্বজুৰি আতংকৰ সৃষ্টি কৰা ক'ৰ'না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে দেশ তথা ৰাজ্যত তলাবন্ধ (লকডাউন)চলি থকাৰ ফলত ঘৰতে দীৰ্ঘদিন ধৰি আৱদ্ধ হৈ থাকিব লগীয়া হৈছে গ্ৰামাঞ্চলৰ শ্ৰমজীৱী পৰিয়াল।ইতিমধ্যে এই লোকসকলক কিছু খাদ্য সামগ্ৰীৰে সহায় কৰিছেএকাংশ চৰকাৰী কৰ্মচাৰী,সমাজকৰ্মী তথা দল-সংগঠনে।নামনি অসমৰ জনপ্ৰিয় বেচৰকাৰী সংগঠন গ্ৰাম্য বিকাশ মঞ্চই নলবাৰী জিলাৰ বিভিন্ন প্ৰান্তৰৰ দৰিদ্ৰ পৰিয়ালক খাদ্য সামগ্ৰী যোগান ধৰি আহিছে।নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত দিহজাৰী গাঁঁৱৰ প্ৰায় ৪০ টা পৰিয়ালক গ্ৰাম্য বিকাশ মঞ্চৰ সভাপতি 
পৃথ্বিভূষণ ডেকা,সম্পাদক দিবাকৰ ডেকাৰ উদ্যোগত সোমবাৰে দাইল,পিয়াঁঁজ,তেল ছয়াবিন,বিস্কুট,আটা,বুট,নিমখ,চাৰ্ফ,চাবোন আৰু মাস্ক প্ৰদান কৰে।সামগ্ৰীসমূহ গ্ৰাম্য বিকাশ মঞ্চৰ মুখ্য উপদেষ্টা ডাঃসুৰেন্দ্ৰ মজুমদাৰ,মঞ্চৰ কাৰ্যনিৰ্বাহক সদস্যা উষা (বুলু) মজুমদাৰৰ লগতে ডাঃ ডিম্পী মজুমদাৰ,গাওঁবুঢ়া নীলিমা মজুমদাৰ,আশা চুপাৰভাইচাৰ ধৰিত্ৰী ডেকা,হিতেশ বৰ্মা,শিক্ষক উদ্ধৱ মজুমদাৰ আদিয়ে।আনহাতে,নলবাৰী জিলা যক্ষ্মা বিষয়াৰ কাৰ্যালয়ৰ ওচৰৰ ১০ টা অতি দৰিদ্ৰ পৰিয়ালক খাদ্য সামগ্ৰী যোগান ধৰে গ্ৰাম্য বিকাশ মঞ্চই।মঞ্চৰ হৈ খাদ্য সামগ্ৰীসমূহ বিতৰণ কৰে নলবাৰী জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ উমেশ ফাংচু,  জ্যেষ্ঠ চিকিৎসক ডাঃ মধুৰাম বৈশ্য,ডাঃকৈলাশ ডেকা আৰু  জিলা যক্ষ্মা বিষয়া ডাঃ সুৰেন্দ্ৰ মজুমদাৰে।

Your Comments