ঘগ্ৰাপাৰত 'লকডাউন'ৰ সময়ত ৰোগীৰ ত্ৰাণকৰ্তাৰ ৰূপত ফাৰ্মাছিষ্ট

Pic

দ্বিজেন ডেকা,ঘগ্ৰাপাৰ:

যিসময়ত সমগ্ৰ বিশ্বজুৰি আতংকৰ সৃষ্টি কৰা ক'ৰ'না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে দেশ তথা ৰাজ্যত লকডাউন চলি আছে,    সেই সময়ত ২৪ ঘন্টাই অইন স্বাস্থ্য কৰ্মীৰ দৰে ফাৰ্মাছিষ্টসকলেও নীৰৱে  সুচাৰুৰূপে কৰ্তব্য  পালন কৰি আছে।যিকোনো বেমাৰৰ প্ৰতিৰোধৰ বাবে ঔষধ প্ৰস্তুত কৰাৰ উপৰিও চিকিৎসা কেন্দ্ৰসমূহত ৰোগীক
ঔষধ প্ৰদান কৰি তাৰ ক্ৰিয়া-প্ৰতিক্ৰিয়া বুজুৱাকে আদি কৰি অইন কামতো নিয়োজিত হৈ আছে ফাৰ্মাছিষ্টসকল।নলবাৰী জিলাৰ ঘগ্ৰাপাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত বিভিন্ন ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ,ৰাজ্যিক চিকিৎসালয়ত ফাৰ্মাছিষ্টসকলে ৰোগীৰ
বিপদৰ বন্ধু হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে। ঘগ্ৰাপাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত বৰখলা,ভিঠামহল,লাটিমা,সানেকুছি ধমধমা, বালিতাৰাআৰু আল্লিয়া ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসালয়ৰ লগতে দক্ষিণগাঁও আৰু নীলপুৰ ৰাজ্যিক চিকিৎসালয়ত কৰ্মৰত ফাৰ্মাছিষ্ট ক্ৰমে ৰেকিবুদ্দিন আহমেদ, 
ধ্ৰুৱজ্যোতি ৰায়চৌধুৰী,নয়ন জ্যোতি বৰ্মণ, ভাস্কৰ জ্যেতি বৰ্মণ, মতিউৰ ৰহমানৰ লগতে ঘগ্ৰপাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত জিতেন শৰ্মা, ধ্ৰুৱ গোস্বামী আৰু আৰু বিএচকেৰ লগত জড়িত ফাৰ্মাছিষ্ট ৰকিবুল হুছেইন আৰু ছাইদুল ইছলাম  আদিয়ে চিকিৎসা কেন্দ্ৰসমূহত নিজৰ দায়িত্ব পালন কৰাৰ উপৰিও ঘৰে ঘৰে গৈ স্বাস্থ্য পৰীক্ষা কৰিছে।  ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলবাৰী জিলা আৰু কামৰূপ জিলাৰ সীমা বিলপাৰত নলবাৰী জিলা প্ৰশাসনে  স্থাপন কৰা বাহিৰৰ লোকৰ স্বাস্থ্যৰ পৰীক্ষা কৰা কৰ্মত ৰ'দ,বতাহ, বৰষুণক নেওচি নীৰৱে কাৰ্য-সম্পাদন কৰি আহিছে। উল্লেখ্য যে সম্প্ৰতি স্বাস্থ্য বিভাগৰ নিৰ্দেশ মৰ্মে ঘৰে ঘৰে গৈ স্বাস্থ্য পৰীক্ষা কৰাৰ বাবে সীমিতসংখ্যক চিকিৎসক জড়িত হৈ থকাত স্বাস্থ্য কেন্দ্ৰসমূহত ফাৰ্মাছিষ্টগৰাকীয়ে চিকিৎসকৰ ভূমিকা পালন কৰি আহিছে।আনহাতে,যোৱা ২৫ এপ্ৰিলৰ পৰা 'ধন্বন্তৰী আঁচনি'ৰ জড়িয়তে ৰ'দ, বৰষুণ নেওচি ৰোগীৰ ঘৰে ঘৰে গৈ লাগতীয়াল ঔষধ যোগান ধৰা কাৰ্যসূচীতো ফাৰ্মাছিষ্টসকল নিয়োজিত হৈ কাৰ্যনিৰ্বাহ কৰি আছে।গতিকে,ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগক এই  ফাৰ্মাছিষ্টসকলৰ বিভিন্ন সমস্যাৰ প্ৰতি গুৰুত্ব প্ৰদান কৰিবলৈ আহ্বান জনাইছে সচেতন ৰাইজে।

 

Your Comments