মৰিগাঁৱত বিশিষ্ট সাংবাদিক,মানৱাধিকাৰ কৰ্মী পৰাগ কুমাৰ দাসক স্মৰণ

Pic

জিতুমনি নাথ,মৰিগাঁও:

নতুন অসম গঢ়াৰ চিন্তাৰ নায়ক সাহসী সাংবাদিক তথা আপোচহীন মানৱাধিকাৰ কৰ্মী পৰাগ কুমাৰ দাসৰ মৃত্যুৰ দিনটোত দেওবাৰে অনুষ্টুপীয়াকৈ শ্ৰদ্ধাৰ্ঘ্য জনোৱা হয়।শ্বহীদ পৰাগ কুমাৰ দাস সোঁৱৰণী জাতীয় শিক্ষা কেন্দ্র,অসমৰ কাৰ্য্যালয়ৰ উদ্যোগত আৰু 'মাছ'ৰ মৰিগাওঁ জিলা সমিতিৰ সহযোগত 'পৰাগ নিকেতন' প্ৰাংগণত ক'ৰ'নাৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে দেশত চলি থকা লকডাউনৰ পৰিপেক্ষিতত আৰু চৰকাৰৰ নীতি-নিৰ্দেশনা অনুসৰি সামাজিক দূৰত্ব বৰ্তাই ৰাখি অনুষ্টুপীয়াকৈ শ্ৰদ্ধাৰ্ঘ্য জনোৱা অনুষ্ঠানটোত পুৱা বন্তি প্ৰজ্বলন আৰু স্মৃতি তৰ্পণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে 'বৰ অসম' কাকতৰ সম্পাদক তথা স্বত্বাধীকাৰ বিৰিঞ্চি কুমাৰ শৰ্মাই।

Pic

'মাছ'ৰ কেন্দ্রীয় প্ৰচাৰ সচিব জিতুমনি নাথ,মৰিগাঁও জিলা সমিতিৰ সচিব মানিক নাথ,মৰিগাঁও জিলা সাংবাদিক সংস্থাৰ প্ৰাক্তন সভাপতি জগদীশ নাথ,মেডিয়া ক্লাবৰ সভাপতি ৰাতুল ডেকা,পেঞ্চনাৰ সন্থাৰ সম্পাদক গম্ভীৰ মেধী,'সহায়'ৰ সভাপতি ৰাজু মহন্ত,ফটো সাংবাদিক নিতু দাস আদি  উপস্থিত থকা অনুষ্ঠানটোত অংশগ্ৰহণ কৰি 'মাছ'ৰ মুখ্য উপদেষ্টা বুবুমনি গোস্বামীয়ে সাহসী সাংবাদিক আৰু আপোচহীন মানৱাধিকাৰ কৰ্মী পৰাগ কুমাৰ দাসৰ স্মৃতি ৰোমন্থন কৰি কয় -'পৰাগ কুমাৰ দাসৰ হত্যাকাৰীয়ে আইনগতভাৱে শাস্তি নোপোৱাটো দেশৰ ন্যায় ব্যৱস্থাৰ বাবে অতিকৈ দুৰ্ভাগ্যজনক।পৰাগ কুমাৰ দাসে জাতীয় অৰ্থনীতি আৰু আত্মনিয়ন্ত্ৰনৰ সন্দৰ্ভত যিবোৰ কথা কৈছিল,সেই আটাইবোৰেই এতিয়া অধিক প্ৰাসংগিক হৈ পৰিছে।'অসমক লৈ  সাহসী সাংবাদিকগৰাকীয়ে যি  সপোন দেখিছিল অনাগত  দিনবোৰত তাক নতুন প্ৰজন্মই পুৰণ কৰিবলৈ চেষ্টা কৰিলেহে  তেওঁৰ কৰ্মৰাজিৰ মূল্যায়ণ হ'ব বুলি মন্তব্য কৰে।

 

Your Comments