নলবাৰীৰ বাঁহজানীত বিধায়ক অশোক শৰ্মাই সাংবাদিকক প্ৰদান কৰিলে মাস্ক,ছেনিটাইজাৰ

Pic

নলবাৰীৰ পৰা হেমন্ত কলিতা:

নলবাৰী সমষ্টিৰ বিধায়ক অশোক শৰ্মাৰ উদ্যোগত দক্ষিণ নলবাৰী প্ৰেছ ক্লাব,বাঁহজানীৰ সাংবাদিকসকলক সামাজিক দূৰত্ব মানি চলি সম্বৰ্ধনা জনোৱাৰ লগতে, মাস্ক, ছেনিটাইজাৰ বিতৰণ কৰা হয়৷দেওবাৰে বাঁঁহজানী অঞ্চলৰ মিলন চ'কস্থিত বিজেপি কাৰ্যালয় প্ৰাংগণত অনুষ্ঠিত হোৱা এই সামগ্ৰী বিতৰণ অনুষ্ঠানত উপস্থিত থাকি নলবাৰী সমষ্টিৰ বিধায়ক অশোক শৰ্মাই ভাষণত কয়- "ক’ৰ’না ভাইৰাছৰ বাবে সমগ্ৰ দেশজুৰি লকডাউন চলি থকাৰ মাজতে গণতন্ত্ৰৰ চতুৰ্থস্তম্ভ সাংবাদিকসকলে অশেষ কষ্টৰ মাজেৰে নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি সংবাদ সংগ্ৰহ কৰি আহিছে৷" ইফালে,সাংসদ দিলীপ শইকীয়াই বাঁহজানীত উপস্থিত হৈ সাংবাদিকসকলৰ মাজত 
মাস্ক,ছেনিটাইজাৰ আদি বিতৰণ কৰা বুলি ভুৱা খবৰ চ'ছিয়েল মিডিয়াত প্ৰচাৰ হৈছিল ৷ এই সন্দৰ্ভত বাঁহজানীৰ সাংবাদিকসকলে অসন্তুষ্টি  প্ৰকাশ কৰিছিল।আজি বিধায়কগৰাকীয়ে ভুল বশত: হোৱা বুলি সদৰি কৰে।অনাগত দিনত এনেকুৱা নহয় বুলি সাংবাদিকসকলক তেওঁ জানিবলৈ দিয়ে।প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিৰ ধন প্ৰকৃত কৃষকৰ বিপৰীতে অকৃষকে লাভ কৰাৰ গুৰুতৰ অভিযোগ প্ৰথমে নলবাৰীতে প্ৰকাশ হৈছিল।বিশেষকৈ কৃষি বিভাগৰ এই আঁচনিক লৈ ৰাজ্যৰ প্ৰতিখন জিলাতেই ভয়াৱহ কেলেংকাৰী সংঘটিত হোৱা বুলি অভিযোগ আহিছে।নলবাৰীত ইতিমধ্যে প্ৰায় ১১ লাখৰো অধিক টকা ভুৱা হিতাধিকাৰীয়ে জমা কৰিলে বুলিও জানিবলৈ দিয়ে৷এই সমস্ত  প্ৰক্ৰিয়াটোত তদন্ত হ'ব বুলি শৰ্মাই সদৰি কৰে।তাৰ পিছতে সাংবাদিক কামিনী কান্ত মিশ্ৰ,শংকৰ শৰ্মা,নীৰেণ ডেকা,তপন মজুমদাৰ,গৌতম বেজবৰুৱা,হেমন্ত কলিতা,হিৰণ্য ভট্টাচাৰ্য, অজিত চক্ৰৱৰ্তী,হিৰক ডেকা আৰু কমল কলিতাক সম্বৰ্ধনা জনোৱাৰ উপৰি মাস্ক আৰু ছেনিটাইজাৰ বিতৰণ কৰে।উক্ত অনুষ্ঠানত ভাৰতীয় জনতা পাৰ্টিৰ নলবাৰী জিলা সমিতিৰ কাৰ্যনিৰ্বাহক অপূৰ্ব শৰ্মা,ধ্ৰুৱজ্যোতি দত্ত,বাঁহজানী জিলা পৰিষদৰ সদস্য বিৰাজ মেধী,ভাৰতীয় জনতা পাৰ্টিৰ পূব নলবাৰী মণ্ডল সমিতিৰ সাধাৰণ সম্পাদক বিনোদ তালুকদাৰ‌,উপ-সভাপতি খগেন ডেকা,পিংকু মল্ল বুজৰবৰুৱা,ভাৰতীয় জনতা যুৱ মৰ্চাৰ নলবাৰী জিলা সমিতিৰ সম্পাদক ৰূপনজ্যোতি শৰ্মা,ভাৰতীয় জনতা যুৱ মৰ্চাৰ পূব নলবাৰী মণ্ডল সমিতিৰ সভাপতি পৰাগ চক্ৰৱৰ্তী,সাধাৰণ সম্পাদক অঞ্জন শৰ্মা,অবিনাশ ডেকা,হীৰক জ্যোতি দাস,নিহাৰ ভৰালী,নিতুমণিদাস,৯ নং মধ্য বাঁহজানী গাঁও পঞ্চায়তৰ সভানেত্ৰী জোন মণি বৈশ্য, আঞ্চলিক সদস্য জয়দেৱ দাসসহ স্থানীয় বুথ পৰ্যায়ৰ সভাপতি আৰু ভালেসংখ্যক দলীয়‌ কৰ্মী উপস্থিত থাকে।

Your Comments