নগাঁৱৰ পৰা ঋতু পৰ্ণ শৰ্মা:
ক'ৰ'না ভাইৰাছৰ ভয়াৱহতাৰ সময়তো নগাঁও জিলাৰ এজন যুৱক সম্প্ৰতি বন্যপ্ৰাণী উদ্ধাৰত ব্যস্ত।যিসময়ত 'লকডাউন'ৰ সময়ত প্ৰতিজনেই আবদ্ধ হৈ পৰিছে নিজ গৃহত,সেই সময়ত যুৱকজনে বন্যপ্ৰাণীক উদ্ধাৰৰ লগতে সম্পূৰ্ণ সুস্থ কৰি এৰি দিয়ে বনাঞ্চলত।এই যুৱকজন হৈছে পুৰণিগুদামৰ সমীপৰ চাপানলাৰ বিনোদ দুলু বৰা।উল্লেখযোগ্য যে নগাঁও আৰু কাৰ্বি আংলং জিলাৰ সীমান্তৱৰ্তী চাপানলাৰ জীয়াজুৰি চাহ বাগিচাৰ ১ নং লাইনৰ সমীপত কিছুদিন পূৰ্বে পাহাৰৰ ডাঠ হাবিৰ পৰা ওলাই অহা এটি দুস্প্ৰাপ্য লাজুকী বান্দৰক এজাক কুকুৰে খেদি ফুৰা অৱস্থাৰ পৰা উদ্ধাৰ কৰে প্ৰকৃতিপ্ৰেমী বিনোদ দুলু বৰাই।মূৰ আৰু আগঠেঙত আঘাতপ্ৰাপ্ত লাজুকী বান্দৰটোক বৰাই নিজ গৃহতে লালন-পালন আৰু চিকিৎসা কৰি সম্পূৰ্ণ সুস্থ হৈ উঠাৰ পাছত চাপানলা খণ্ড বন বিষয়া কাৰ্যালয়ৰ বন কৰ্মীসকলৰ সহযোগত চাপানলাৰে চোৱাং বনাঞ্চলত দিয়ে।
বিগত সময়তো বৰাই প্ৰায় ১৭ টাকৈ লাজুকী বান্দৰ সংকটজনক পৰিস্থিতিৰ পৰা উদ্ধাৰ কৰি চোৱাং বনাঞ্চলত মুকলি কৰি দিছিল।বৰাই কেইবাডালো বিষাক্ত ৰজা ফেঁটীসাপ মানুহৰ মাজৰ পৰা উদ্ধাৰ কৰি এৰি দিছে বনাঞ্চলত।তদুপৰি প্ৰকৃতিপ্ৰেমী বিনোদ দুলু বৰাই ২০১৯ বৰ্ষত বনৰীয়া হাতীৰ বাবে ধান খেতি কৰি 'মুখ্যমন্ত্ৰীৰ শ্ৰেষ্ঠ সামূহিক কৰ্ম বঁটা--২০১৯' লাভ কৰিবলৈ সক্ষম হৈছিল।
- Log in to post comments
- 12 views