'লকডাউন'ৰ সময়ত ইলেকট্ৰিচিয়ান ভূপেনে বাঁহেৰে নিৰ্মাণ কৰি উলিয়ালে পেঁপা,বাঁহী,কাপ,টুপী

Pic

শিৱসাগৰৰ পৰা কল্যাণজ্যোতি বুঢ়াগোহাঁই:

মানুহজনৰ নাম ভূপেন দাস।পেচাত এজন ইলেকট্ৰিচিয়ান।শিৱসাগৰ মৰনৈৰে কাষৰ ভাড়াঘৰৰ বাসিন্দা ভূপেন দাসে বিগত পোন্ধৰ বছৰ ধৰি এই কৰ্মকে কৰি পত্নী আৰু একমাত্ৰ কন্যাৰে সৰু সংসাৰখন আগবঢ়াই নিছিল।

Pic

কিন্তু চৰকাৰে ক'ৰ’না ভাইৰাছৰ সংক্ৰমণক প্ৰতিহত কৰিবলৈ বিভিন্ন পৰ্যায়ত ঘোষণা কৰা লকডাউনৰ বাবে ইলেকট্ৰিচিয়ান ভূপেন যেন ক্ষন্তেক থমকি ৰ’ব লগা হ’ল।

Pic

কিন্তু হতাশ নহ’ল তেওঁ।বৰঞ্চ,সুপ্ত হৈ থকা তেওঁৰ প্ৰতিভা যেন সাৰ পাইহে উঠিল।বিভিন্ন জোখৰ বাঁহেৰে নিৰ্মাণ কৰি উলিয়ালে পেঁপা, বাঁহী, কাপ,টুপী আদি বিভিন্ন সামগ্ৰী।

 

 

Your Comments