দ্বিজেন ডেকা,ঘগ্ৰাপাৰ:
অসম চৰকাৰৰ নগৰ উন্নয়ন বিভাগে শনিবাৰে এখন জাননী যোগে বনদ্বীপ ডেকাক নলবাৰী নগৰ উন্নয়ন কৰ্তৃপক্ষৰ অধ্যক্ষ হিচাপে নিযুক্তি প্ৰদান কৰিছে।নগৰ উন্নয়ন বিভাগৰ চিঠি নং ইউ দি দি ( টি) ১১৬/২০২০ তাৰিখ ১৫/৫/২০২০ যোগে বনদ্বীপ ডেকাক এই দায়িত্ব অৰ্পণ কৰে।উল্লেখ্য যে বনদ্বীপ ডেকা নলবাৰী জিলা বিজেপিৰ সদ্য প্ৰাক্তন সভাপতি হোৱাৰ উপৰিও দলটোৰ এগৰাকী অক্লান্ত কৰ্মী।তেওঁৰ কাৰ্যকালতে নলবাৰী জিলা বিজেপিৰ দলীয় সাংগঠনিক স্থিতি অধিক মজবুত কৰিবলৈ সক্ষম হৈছিল। এতিয়া তেওঁৰ নেতৃত্বত নলবাৰী নগৰ উন্নয়ন কৰ্তৃপক্ষই গতি লাভ কৰিব বুলি আশা কৰিব পাৰি।আজি এই খবৰ লাভ কৰি নলবাৰী জিলা বিজেপিৰ কৰ্মীসকলৰ মাজত উৎসাহ দেখিবলৈ পোৱা গৈছে।ইফালে, নৱ-নিযুক্ত নলবাৰী উন্নয়ন কৰ্তৃপক্ষৰ অধ্যক্ষ বনদ্বীপ ডেকাই সংবাদ মাধ্যমক কয় যে দল -মত নিৰ্বিশেষে সকলো শ্ৰেণীৰ নাগৰিকৰ গঠনমুলক পৰামৰ্শ গ্ৰহণ কৰি নলবাৰী চহৰ আৰু নলবাৰী জিলাক অধিক বিকশিত কৰাৰ চেষ্টা কৰিব।
দ্বিজেন ডেকা।ঘগ্ৰাপাৰ।১৬/৫/২০.
- Log in to post comments
- 27 views