গোলাঘাট চহৰৰ পুৰণা আমোলাপট্টিত অৱস্থিত মৌ স্বেচ্ছাসেৱী সংস্থাৰ উদ্যোগত পৰিচালিত হৈ থকা "ডেউকা" নাট্য বিদ্যালয় উৰিষ্যাত অহা ১ চেপ্তেম্বৰৰ পৰা অনুষ্ঠিত হ'বলগীয়া আন্তজাৰ্তিক থিয়েটাৰ মহোৎসৱলৈ আমন্ত্ৰিত হৈছে। ইতিমধ্যে তিনিটা বৰ্ষ অতিক্ৰম কৰা নাট্য বিদ্যালয়খনে বিগত সময়ত শিশুৰ শাৰীৰিক, মানসিক, বৌদ্ধিক বিকাশৰ লগত সংগতি ৰাখি বহু কেইখন বাটৰ নাট আৰু জঞ্জাল নগৰীৰ সাধু, বোন্দাৰ বিলৈ, শূণ্যৰ কথা, মাৰফৎ বকুলতল আদিৰ দৰে নাটৰ সফল মঞ্চায়ন কৰি দৰ্শকৰ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে। বিদ্যালয়খনিত অন্তৰ্ভূক্ত হৈ থকা সত্ৰীয়া পাঠ্যক্ৰমৰ পৰাও প্ৰশিক্ষণ গ্ৰহণ কৰা প্ৰশিক্ষাৰ্থীয়ে অসমৰ বিভিন্ন ঠাইত নৃত্য প্ৰদৰ্শন কৰি সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ।
উক্ত মহোৎসৱটিত প্ৰশিক্ষাৰ্থীসকলে বিশিষ্ট শিশু নাট্যকাৰ, পৰিচালক যতীন শইকীয়াৰ পৰিচালনাত 'ফচকলি ডট কম' শীৰ্ষক নাটখনি মঞ্চায়নৰ প্ৰস্তুতি চলোৱাৰ লগতে একক সত্ৰীয়া নৃত্যত অংশগ্ৰহণ কৰিব । বিদ্যালয়খনৰ অধ্যক্ষা মীনাক্ষি ফুকনৰ পৰা জানিবলৈ পোৱা মতে দলটি অহা ৩১ আগষ্টত গোলাঘাটৰ পৰা ৰাওনা হ'ব । দলটিৰ এনে সাফল্যত গোলাঘাটৰ সাংস্কৃতিক মহলে শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে বিদ্যালয়খনিৰ উত্তৰোত্তৰ কামনা কৰিছে ।
- Log in to post comments
- 78 views