নগাঁৱৰ পৰা ৱাহিদুদ জামান:
নগাঁও জিলাৰ জুৰীয়া আৰক্ষীয়ে মঙলবাৰে মুকুন্দআটীত অভিযান চলাই বৃহৎ পৰিমানৰ চুৰি ৰ'ড উদ্ধাৰ কৰাৰ লগতে এখন ১৮ চকীয়া ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয় জুৰীয়া আঞ্চলিক পঞ্চায়তৰ প্ৰাক্তন সভানেত্ৰী বেনাজিৰ আহমেদৰ ঘৰৰ পৰা উদ্ধাৰ কৰা হয় এই বৃহৎ পৰিমাণৰ ৰ'ডসমূূহ।পশ্চিমবংগৰ পৰা ডিমাপুৰলৈ গৈ থকা আৰ জে ১৪ জি ই ১৮৯৮ নম্বৰৰ ১৮ চকীয়া ৰড ভৰ্তি ট্ৰাকখন ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা হাইজেক কৰাৰ সন্দেহ কৰিছে আৰক্ষীয়ে।লকডাউনৰ ফলত জখলাবন্ধাত আবদ্ধ হৈ আছিল ৰ'ড ভৰ্তি ট্ৰাকখন।প্ৰাক্তন জুৰীয়া আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী বেনাজিৰ আহমেদৰ স্বামী নেচাৰ আহমেদ ওৰফে মুনে এটা দুষ্ট চক্ৰৰ সহযোগত এই ৰ'ড ভৰ্তি ট্ৰাকখন হাইজেক কৰি আনি তেওঁৰ ঘৰতে থকা এটা গুদামত লুকুৱাই ৰাখিছিল।
সোমবাৰে গোপন খবৰৰ ভিত্তিত নিশা ধিং ৰাজহ চক্ৰ বিষয়াৰ উপস্থিতিত প্ৰায় ১০ লাখ টকা মূল্যৰ ৰ'ডসমূহ মুনৰ বাসগৃহত থকা এটা তলাবন্ধ গুদামৰ পৰা উদ্ধাৰ কৰে। উক্ত ৰ'ড চুৰিৰ ঘটনাত নাছেৰ আহমেদ ওৰফে মুনৰ লগতে এটা বৃহৎ চক্ৰ জড়িত থকাৰ সন্দেহ কৰিছে আৰক্ষীয়ে।অৱশ্যে আৰক্ষীয়ে এই পৰ্যন্ত এই ঘটনাৰ লগত জড়িত কোনো লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই।আৰক্ষীয়ে সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত তদন্ত অব্যাহত ৰখাৰ লগতে মূল অভিযুক্ত নাছেৰ আহমেদৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে।
- Log in to post comments
- 26 views