'এবিভিপি'ৰ বৰভাগ শাখাৰ উদ্যোগ:উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ শিক্ষাৰ্থীৰ মাজত কিতাপ বিতৰণ

Pic

নৰেন শৰ্মা,বাহাৰঘাট:

মঙলবাৰে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ(এবিভিপিৰ)ৰ নলবাৰী জিলাৰ অন্তৰ্গত বৰভাগ শাখাৰ উদ্যোগত এইবাৰ উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পৰা দ্বিতীয় বৰ্ষ পোৱা শিক্ষাৰ্থীসকলৰ গৃহলৈ গৈ দ্বিতীয় বৰ্ষৰ কিতাপ যোগান ধৰি প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰে।উল্লেখযোগ্য যে উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে ক'ৰ'না ভাইৰাছৰ বাবে উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ শিক্ষাৰ্থীসকলক পৰীক্ষা অনুষ্ঠিত নকৰাকৈ দ্বিতীয় বৰ্ষলৈ প্ৰমোচন হোৱা বুলি ঘোষণা কৰে।যিহেতু,বৰ্তমান মহাবিদ্যালয় আৰু উচ্চতৰ মাধ্যমিক বিদ্যালসমূহ বন্ধ হৈ আছে,সেয়ে বিদ্যাৰ্থী পৰিষদৰ বৰভাগ শাখাই প্ৰশাসনৰ অনুমতি লৈ এইবাৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা দিয়া শিক্ষাৰ্থীৰ কিতাপসমূহ সংগ্ৰহ কৰি উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষ পোৱা কিছু শিক্ষাৰ্থীক কিতাপৰ যোগান ধৰে৷

Pic

আনহাতে,অনাগত দিনত বৰভাগ  অঞ্চলৰ সকলোখিনি শিক্ষাৰ্থীক কিতাপ যোগান ধৰাৰ বাবে চেষ্টা কৰি যাব বুলি সংগঠনটোৰ বিষয়ববীয়াসকলে অৱগত কৰে।তদুুপৰি,নিজৰ কিতাপসমূহ প্ৰদান কৰি মহানতাৰ পৰিচয় দিয়া শিক্ষাৰ্থীসকলক এবিভিপিৰ বৰভাগ শাখাৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদো জ্ঞাপন কৰে সংগঠনটোৱে৷মঙলবাৰৰ এই কৰ্মসূূূচীত সহযোগিতা আগবঢ়ায় অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ,নলবাৰী জিলাৰ সামাজিক প্ৰচাৰ মাধ্যম প্ৰমুখ ৰঞ্জন বৈশ্যৰ লগতে বৰভাগ শাখাৰ সদস্য অবিনাশ দাস আৰু দিব্য দাসে৷

Your Comments