নগাঁৱৰ পৰা ৱাহিদুদ জামান:
নগাঁৱৰ হয়বৰগাঁও আৰক্ষী চকীৰ আৰক্ষীয়ে সোমবাৰে নিশা নগাঁও চহৰৰ সমীপৱৰ্তী কাৱৈমাৰী অঞ্চলত অভিযান চলাই হেৰ'ইনসহ নিচাযুক্ত ঔষধ সেৱনত ব্যৱহৃত বহু সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হয়।হয়বৰগাঁও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া গৌৰৱ জ্যোতি মহন্তৰ নেতৃত্বত যোৱা আৰক্ষীৰ এক গোপন খবৰৰ ভিত্তিত সোমবাৰে নিশা প্ৰায় ৮ বজাত কাৱৈমাৰী অঞ্চলৰ ড্ৰাগছ মাফিয়া মাইনুল হক আৰু মজিবুৰ ৰহমানৰ ঘৰত অভিযান চলায়। আৰক্ষীৰ দলটোৱে অভিযানৰ সময়ত মাইনুল হকৰ ঘৰৰ পৰা ১১.৫৬ গ্ৰাম হেৰ'ইন জব্দ কৰাৰ লগতে মজিবুৰৰ ঘৰটো তালাচী চলাই ৭৮ টা হেৰ'ইন ভৰ্তি প্লাষ্টিকৰ কনটেইনাৰ,কিছু চিৰিঞ্জ,৮ স্মাৰ্টফোন,এটা লেপটপ আৰু নগদ ৪১,৩৬০ টকা উদ্ধাৰ কৰিবলৈ সক্ষম হয়। অভিযানকাৰী দলটোৱে বুজন পৰিমানৰ হেৰ'ইনখিনি জব্দ কৰিবলৈ সক্ষম হয় যদিও ড্ৰাগছ মাফিয়া দুটা আৰক্ষীৰ উমান পাই পলায়ন কৰে।আৰক্ষীয়ে ড্ৰাগছ মাফিয়া দুটাৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে।আৰক্ষীৰ সূত্ৰে জানিব পৰা মতে, ড্ৰাগছ মাফিয়া দুটাই নগাঁৱৰ বিভিন্ন স্থানলৈ ড্ৰাগছ সৰবৰাহ কৰি এক ৰমৰমীয়া ব্যৱসায় চলাই আহিছে।
- Log in to post comments
- 44 views