গোলাঘাটৰ পৰা মীনাক্ষি ফুকন:
গোলাঘাটৰ এজন উদ্যমী যুৱক অনুৰাগ চলিহাৰ মহানুভৱতা। অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ চমুকৈ, এবিভিপিৰ প্ৰাক্তন ৰাজ্যিক কাৰ্য্যনিৰ্বাহক সদস্য তথা এজন উদীয়মান যুৱ সমাজকৰ্মী অনুৰাগ চলিহাই ক'ৰ'না মহামাৰীৰ এই সংকটকালত নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি দেশ আৰু সমাজৰ হকে সেৱা আগবঢ়াই অহা আৰক্ষী বিভাগৰ লোক আৰু সাংবাদিকসকলক তেওঁলোকৰ কষ্ট আৰু ত্যাগৰ স্বীকৃতি হিচাপে মঙলবাৰে একোখনকৈ ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰে।
চলিহাই নিজৰ কেইজনমান বন্ধুৰ সহযোগত গোলাঘাট সদৰ আৰক্ষী থানাত কৰ্মৰত আৰক্ষী বিষয়া জোৱানৰ লগতে ফৰকাটিং অঞ্চললৈ গৈ আৰক্ষীৰ লোকসকলক এখন ফুলাম গামোচা আৰু পানীৰ বটল একোটাকৈ প্ৰদান কৰে।সমান্তৰালভাৱে গোলাঘাট জিলা সাংবাদিক সংস্থাৰ কাৰ্যালয় আৰু গোলাঘাট মিডিয়া ফ'ৰামৰ কাৰ্যালয়ত গৈ সাংবাদিকসকলক সম্বৰ্ধনা জনায়।উল্লেখ্য যে ইয়াৰ পূৰ্বে অনুৰাগ চলিহাই গোলাঘাটৰ ধুমুহাত ক্ষতিগ্ৰস্ত হোৱা এলেকাৰ গৃহহীন হৈ পৰা লোকৰ সাহাৰ্য্যাৰ্থে গৃহ নিৰ্মাণৰ সামগ্ৰী যোগান ধৰাৰ লগতে দুটা গৃহ সম্পূৰ্ণৰূপে নিৰ্মাণ কৰি দিয়াৰ দায়িত্ব লৈ নিজৰ মহানুভৱতাৰ পৰিচয় দাঙি ধৰিছে।
- Log in to post comments
- 27 views