নৰেন শৰ্মা,বাহাৰঘাট,
ক'ৰ'না ভাইৰাছক লৈ সমগ্র দেশত বলৱৎ হৈ থকা 'লকডাউন'ৰ সময়ছোৱাত দৰিদ্ৰ লোকৰ অৱস্থা সম্প্ৰতি তথৈৱচ হৈ পৰিছে।নলবাৰী জিলাৰ ঘগ্ৰাপাৰৰ বহু পৰিয়াল খাদ্য সংকটৰ সন্মুখীন হোৱাত অঞ্চলটোৰ একাংশ হৃদয়ৱান লোকে সহায়ৰ হাত আগবঢ়াই মহানুভাৱতাৰ পৰিচয় দাঙি ধৰাৰ সময়তে সোমবাৰে বিয়লি মঙলদৈৰ সাংসদ দিলীপ শইকীয়াই আৰু ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক মধুৰাম ডেকাই ঘগ্ৰাপাৰত একাংশ দৰিদ্ৰ লোকৰ মাজত খাদ্য -সামগ্ৰী বিতৰণ কৰে। অঞ্চলটোৰ প্ৰায় ২০০ টা পৰিয়ালৰ মাজত চাউল,দাইল,আলু,পিয়াজ ,মিঠাতেলকে ধৰি প্ৰয়োজনীয় বিভিন্ন খাদ্য বস্তু বিতৰণ কৰে। ইফালে,সাংসদগৰাকীয়ে ক'ৰ'নাৰ বিৰুদ্ধে জাগ্ৰত প্ৰহৰী হিচাপে সেৱা আগৱঢ়াই অহা ঘগ্ৰাপাৰ প্ৰেছ ক্লাবৰ দহগৰাকী সাংবাদিকক মাস্ক,ছেনিটাইজাৰ প্ৰদান কৰে।সাংসদগৰাকীয়ে বৰ্তমান সময়ত সাংবাদিকসকলৰ ভূমিকাৰ ভূয়সী প্ৰশংসা কৰে।লগতে, অঞ্চলটোত সজাগতা সৃষ্টিৰ বাবে সাংবাদিকসকলক আগভাগ লবলৈ আহ্বান জনায়।এই সাহায্য বিতৰণত সাংসদগৰাকীক সহায়োগিতা আগৱঢ়াই বিজেপিৰ ৰাজ্যিক কাৰ্য্যনিৰ্বাহক সদস্য মধুৰাম ডেকা,নলবাৰী জিলা বিজেপিৰ সম্পাদক দ্বীপেন কলিতা, বড়িগোগ বনভাগ মন্ডল বিজেপিৰ সভাপতি ডিম্বেশ্বৰ বেজবৰুৱা,জ্যেষ্ঠ বিজেপি সুকুমাৰ মজুমদাৰ,গাঁওসভাৰ সদস্য বাপুতি কলিতা,বিজেপি কৰ্মী মণিৰাম দাস,সদানন্দ কলিতা,ভূপেন দাস আদিয়ে।ইফালে, সাংসদগৰাকীয়ে নলবাৰী সমষ্টিৰ অন্তৰ্গত বাঁহজানী আৰু দেহাৰকুছি অঞ্চলতো খাদ্য - সামগ্ৰী বিতৰণ কৰে।
- Log in to post comments
- 51 views