সোণাৰিৰ পৰা ঘন বৰা:
সম্প্ৰতি বিশ্বত ক'ৰ'না ভাইৰাছে সংহাৰী ৰূপ ধাৰণ কৰাৰ সময়তে জনসাধাৰণক সজাগ কৰিবলৈ ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰিছে সোণাৰিৰ একাংশ উদীয়মান যুৱক।একুৰি উদীয়মান যুৱক-যুৱতীয়ে গ্ৰহণ কৰিছে এই পদক্ষেপ।'সমন্বয় এনাজৰী' নামৰ এটা গোটৰ জৰিয়তে 'লকডাউন'ৰ সময়ত ৰাজপথত চিত্ৰ অংকণ কৰি ক'ৰ'না ভাইৰাছৰ প্ৰতিৰোধ সন্দৰ্ভত সজাগতা সৃৃষ্টি কৰিবলৈ চেষ্টা চলায়।সোণাৰি ভজো চাৰিআলি,শিৱ মন্দিৰ,চফ্ৰাই আদি এলেকাৰ উদীয়মান যুৱকে-যুৱতীয়ে সামাজিক দূৰত্ব গ্ৰহণ কৰি ৰাজপথৰ লগতে চফ্ৰাই চাহ বাগিচা চিকিৎসালয়ত ক'ৰ'না ভাইৰাছৰ বিষয়ত চিত্ৰ অংকণৰ জৰিয়তে জনসাধাৰণক সজাগ কৰিবলৈ ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰিছে। আৰক্ষীয়েও সহযোগিতা আগবঢ়াইছে এই ব্যতিক্ৰমী পদক্ষেপত।
- Log in to post comments
- 19 views