উত্তৰ জামুগুৰিত আত্মসহায়ক গোটৰ মহানুভৱতাৰ শলাগ ৰাইজৰ 

Pic

জামুগুৰিহাটৰ পৰা চন্দন শৰ্মা:

ক'ৰ'নাত জৰ্জৰিত অসমৰ জনসাধাৰণৰ বিপদকালত সকলো পক্ষই আগবাঢ়ি আহিছে সহায় কৰিবলৈ।যি যেনেকৈ পাৰিছে দৰিদ্ৰজনক পাৰ্যমানে সহায়ৰ হাত আগবঢ়াইছে।জামুগুৰিহাটতো সংগঠন, কৰ্মচাৰী তথা ব্যক্তি বিশেষে অব্যাহত ৰাখিছে দৰিদ্ৰজনক সহায়ৰ কাম।এনে সময়তে চতিয়া সমষ্টিৰ একাংশ আত্মসহায়ক গোটো আগবাঢ়ি আহি কিঞ্চিত হ'লেও সহায়ৰ হাত আগবঢ়াই এই জটিল পৰিস্থিতিত জনসাধাৰণক সহায় কৰি আন এক মহানুভৱতাৰ পৰিচয় দাঙি ধৰিছে।নিজৰ উপাৰ্জনৰ পৰা কেইটামান টকা সঞ্চয় কৰাৰ লক্ষ্যৰে জন্ম হোৱা আত্মসহায়ক গোটে এই বিপদৰ সময়ত তাৰ পৰাই আংশিক অনুদান আগবঢ়াই মানৱতাৰ পৰিচয় দিছে চতিয়া সমষ্টিৰ অন্তৰ্গত দক্ষিণ মূঢ়াদল গাঁও পঞ্চায়তৰ ৫০ৰো অধিক আত্ম সহায়ক গোটে।অসম ৰাজ্যিক জীৱিকা অভিযানৰ            জীৱিকা সখী চিন্ময়ী ভূঞা আৰু চিম্পী কলিতাৰ বিশেষ তৎপৰতাত পঞ্চায়তটোৰ অন্তৰ্গত ধলাইবিল, টুপীয়া, ১ নং বৰপথাৰ,২ নং বৰপথাৰ, নবিল,টৌভঙা,বৰমতা(ক), বৰমতা(খ)কে ধৰি একাধিক গাঁৱৰ পঞ্চাশৰো অধিক আত্মসহায়ক গোটৰ তৰফৰ পৰা মুখ্যমন্ত্ৰীৰ আৰোগ্য নিধিলৈ  ১০ হাজাৰ আৰু চতিয়া সমষ্টিৰ বিধায়ক পুঁজিলৈ ১০ হাজাৰকৈ মুঠ ২০ হাজাৰ টকা আগবঢ়ায়।গোটকেইটাৰ তৰফৰ পৰা জীৱিকা সখী চিন্ময়ী ভূঞা আৰু চিম্পী কলিতাই 'কন্যকা' কৃষি পামত সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ হাতত আনুষ্ঠানিক ভাৱে প্ৰদান কৰে।ইফালে উপাৰ্জনৰ পৰা কেইটামান ধন সঞ্চয় কৰিবলৈ গঠন হোৱা আত্মসহায়ক গোটৰ দৰে অনুষ্ঠানে এনেদৰে গাঁঠিৰ ধন জনসাধাৰণৰ কল্যাণৰ বাবে আগবঢ়াই যি মহানুভৱতাৰ পৰিচয় দিলে তাক সকলোৱে শলাগ লৈছে ।

Your Comments