মৃণাল ডেকা,শুৱালকুছি:
'লকডাউন'ৰ বাবে প্ৰথম অৱস্থাত শাক - পাচলি আৰু মাছ বিক্ৰীত চৰকাৰীভাৱে বাধা প্ৰদান কৰা হৈছিল যদিও দ্বিতীয় পৰ্যায়ৰ লকডাউনত এই ক্ষেত্ৰত কিছু শিথিল কৰি ৰাজ্য চৰকাৰৰ নিৰ্দেশনা অনুযায়ী প্ৰতিখন জিলাৰে উপায়ুক্তসকলে মাছ শাক - পাচলি বিক্ৰীৰ বাবে বিভিন্ন ধৰণৰে নীতি - নিয়ম প্ৰয়োগ কৰি অনুমতি প্ৰদান কৰা হৈছিল।বিশেষকৈ ৰে’ড জ’নৰ পৰা কোনো ধৰণৰ শাক - পাচলি তথা মাছ সৰবৰাহত বাধা প্ৰয়োগ কৰাৰ লগতে বিক্ৰী কৰা স্থানত এক মিটাৰ সামাজিক দূৰত্ব বাধ্যতামূলক আৰু বিক্ৰী কৰা স্থানত ব্যৱসায়ী আৰু গ্ৰাহকৰ মুখত মাস্ক বাধ্যতামূলক হোৱাৰ লগতে বিক্ৰী স্থানত দৈনিক চেনিটাইজাৰ আৰু হেণ্ড ৱাছ নতুবা হেণ্ড চেনিটাইজাৰ বাধ্যতামূলক । কিন্তু কামৰূপ জিলা তথা স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সমষ্টিৰ নিজ- গন্ধমৌত দৈনিক পুৱতি নিশা প্ৰায় ৩ বজাৰ পৰা পুৱা ৮ বজালৈকে চলা শাক-পাচলি তথা মাছৰ বজাৰখনত চৰকাৰী নিৰ্দেশনা তথা নীতি - নিয়ম মানি নচলাৰ অভিযোগ স্থানীয় ৰাইজৰ।সামাজিক মাধ্যমৰ জৰিয়তে উক্ত অঞ্চলৰ স্থানীয় যুৱকসকলে উক্ত শাকপাচলি তথা মাছৰ বজাৰখনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰি কৰ'না মহামাৰীৰ প্ৰতিৰোধ কৰাৰ বাবে উপায়ুক্ত তথা ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ দৃষ্টিগোচৰ কৰিবলৈ চেষ্টা কৰিছে । উল্লেখ যে শাক-পাচলি তথা মাছৰ গাড়ীসমূহ নিশাৰ ভিতৰতে গোপনে ৰেড জ’ন এলেকাৰ পৰা আনি পাইকাৰী হিচাপত বিক্ৰী কৰাৰ লগতে যি বিলাক গাড়ী মাছ তথা শাক পাচলি বিক্ৰী কৰিবলৈ আহে,সেই গাড়ীসমূহৰ চালকসকলো ৰেড জ’ন এলেকাৰ পৰা অহাৰ ফলত সেই অঞ্চলটোত ক'ৰ'না মহামাৰীৰ উৎপত্তিৰ হোৱাৰ সন্দেহত আতংকিত হৈছে স্থানীয় ৰাইজ ।এই ক্ষেত্ৰত প্ৰশাসনক ইতিমধ্যে অভিযোগ কৰিও কোনো সুফল নাপায় উপয়াবিহীন হৈ সামাজিক মাধ্যমৰ জৰিয়তে শুৱালকুছি আৰক্ষী থানা আৰু কামৰূপ আৰক্ষী তথা স্বাস্থ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক উক্ত অঞ্চলত স্থাপন হোৱা চৰকাৰী নীতি -নিৰ্দেশনা উলংঘা কৰা উক্ত বজাৰখন বন্ধ কৰাৰ দাবী জনাইছে স্থানীয় ৰাইজে ।
- Log in to post comments
- 73 views