'লকডাউন'ৰ সময়ত সৃষ্টি হোৱা সমস্যা সমাধানৰ দাবী:গোলাঘাট জিলা ছাত্ৰ সন্থাৰ স্মাৰক-পত্ৰ প্ৰদান

গোলাঘাটৰ পৰা মীনাক্ষি ফুকন:

'লকডাউন'ৰ সময়ছোৱাত সমগ্ৰ গোলাঘাট জিলাত উদ্ভৱ হোৱা সমস্যা সমাধানৰ দাবীত সোমবাৰে সদৌ গোলাঘাট জিলা ছাত্ৰ সন্থাই গোলাঘাটৰ জিলা উপায়ুক্তলৈ স্মাৰক-পত্ৰ প্ৰেৰণ কৰে।বিশেষকৈ লকডাউনৰ পিছত খুলিব লগীয়া বিদ্যালয়-মহাবিদ্যালয়সমূহত আগতীয়াকৈ ছেনিটাইজেশ্যন কৰাৰ দাবী তোলাৰ লগতে বিগত সময়ত বৃহত্তৰ আঠখেলীয়া অঞ্চলত বিধ্বংসী ধুমুহাই ক্ষতিগ্ৰস্ত কৰা গঞা ৰাইজক উপযুক্ত আৰ্থিক  সাহায্য প্ৰদান কৰা,কৃষিজীৱী লোকসকলক ক্ষতিপূৰণ দিয়া আৰু শিক্ষাৰ ক্ষেত্ৰত সৃষ্টি হোৱা বিভিন্ন সমস্যাসমূহৰ সমাধানৰ বাবে  উচিত ব্যৱস্থা গ্ৰহণৰ দাবীত গোলাঘাট জিলাৰ অতিৰিক্ত উপায়ুক্ত লক্ষিমী দত্তক এক স্মাৰক -পত্ৰ প্ৰদান কৰে।এই স্মাৰক-পত্ৰ প্ৰেৰণৰ সময়ত ছাত্ৰ সংগঠনটোৰ হৈ কেন্দ্ৰীয় পৰ্যায়ৰ ছাত্ৰ নেতা মনোৱাৰ হুছেইন,জিলা পৰ্যায়ৰ তিনিজন সম্পাদক উপস্থিত থাকে।

Your Comments