সোমবাৰে দেশৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ 'লকডাউন' সন্দৰ্ভত বৈঠক অনুষ্ঠিত হয়।বৈঠকত প্ৰধানমন্ত্ৰীয়ে দেশৰ মুখ্যমন্ত্ৰীসকলক লকডাউন খোলা সন্দৰ্ভত নীতি প্ৰস্তুত কৰিবলৈ আহ্বান জনায়।বৈঠকত প্ৰধানমন্ত্ৰী মোডীয়ে কয় যে যিসমূহ ৰাজ্যত ক'ৰ'না সংক্ৰমণৰ ঘটনা অধিক,সেইসমূহ ৰাজ্যত লকডাউন অব্যাহত থাকিব।কিন্তু,যিসমূহ ৰাজ্যত সংক্ৰমণৰ ঘটনা কম,সেইসমূহ ৰাজ্যক জিলাভিত্তিক লকডাউনৰ পৰা ৰেহাই দিব পৰা যাব।
- Log in to post comments
- 87 views