নগাঁও জিলাৰ কচুৱাৰ চাৰি সহস্ৰাধিক শিপিনী 'লকডাউন'ত গভীৰ অৰ্থ-সংকটত:দুবেলা-দুমুঠিৰ বাবে চিন্তা

Pic

নগাঁৱৰ পৰা ঋতু পৰ্ণ শৰ্মা:

ক'ৰোণা ভাইৰাছ প্ৰতিৰোধ কৰিবৰ বাবে চৰকাৰে ঘোষণা কৰা 'লকডাউন'ৰ ফলত সমগ্ৰ দেশৰ লগতে অসমৰো উদ্যোগ প্ৰতিষ্ঠানৰ ওপৰত ব্যাপক ঋণাত্মক প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে।অসমৰ থলুৱা ৰেচম তথা বস্ত্ৰ শিল্প আৰু শিপিনীসকল লকডাউনৰ বাবে বিপৰ্যস্ত হৈছে।সম্প্ৰতি এই শিল্পৰ লগত জড়িত শ্ৰমিক-শিপিনীসকলৰ এতিয়া নাজল নাথল অৱস্থা।নগাঁও জিলাৰ বৃহত্তৰ কচুৱা অঞ্চলত তাঁত শিল্পৰ
লগত জড়িত চাৰি সহস্ৰাধিক শিপিনী বৰ্তমান ঘৰতে বহি থাকিব লগীয়া হৈছে।

Pic

এই শিপিনীসকল আৰু এখন-দুখন তাঁতশাল
চলাই জীৱিকা নিৰ্বাহ কৰা লোকসকল এতিয়া সংকটৰ গৰাহত।লকডাউনৰ বাবে কোনো ব্যৱসায়ীয়ে এতিয়া উৎপাদিত বস্তু ক্ৰয় কৰিব পৰা নাই।কেঁচা সামগ্ৰীৰ অভাৱত তাঁতশালৰ গৰাকীয়ে তাঁতশাল বন্ধ কৰি ৰাখিব লগা হৈছে।অসমৰ দ্বিতীয় শুৱালকুছি সদৃশ কচুৱাৰ গেৰজাই পামৰ তাঁতশিল্প সম্প্ৰতি অনিশ্চয়তাৰ গৰ্ভত।এই তাঁতশিল্পৰ যোগেদি জীৱনৰ ছন্দ বিচাৰি পাইছিল গেৰজাই পামকে ধৰি ৰাঙলু বস্তি,কান্দপাৰা,
কচুৱা,চানখোলা,নাথ বস্তি,
সোণাৰুগুৰি,জাৰণি বস্তি,
সাতলুঙা,উপৰকাহোন্দা,
ৰজাআলি তিনিআলি,
আলিটাঙনি আদি গাঁৱৰ জনসাধাৰণে।উক্ত গাঁওকেইখনৰ তাঁতশিল্পত গামোচাৰ উপৰি শাড়ী,
চাদৰ,আৰণাই,কেঁচা পাতৰ
ৰিহা,জনজাতীয় সাজপাৰ আদি উৎপাদন কৰা হয়।হিন্দু আৰু মুছলমান উভয় সম্প্ৰদায়ৰ শিপিনীসকলে অতি কষ্টৰে দৈনিক ২৫০ টকাৰ পৰা ৫০০ টকা পৰ্যন্ত
উপাৰ্জন কৰে।তাঁতশালত
কাপোৰ বৈ দৈনিক হাজিৰাৰ বাবদ পোৱা ধনেৰে কোনোমতে চলি আছিল । উল্লেখযোগ্য যে গেৰজাই পামৰ তাঁতশিল্পৰ লগত প্ৰায় ৪০ শতাংশ মহিলা জড়িত।চলিত বৰ্ষত অসমত ৰঙালী বিহু উদযাপন নহ'ল লকডাউনৰ বাবে।বিহুৰ সময়ত উল্লিখিত গাঁওসমূহৰ শিপিনীসকলে বস্ত্ৰ উৎপাদন কৰি অৰ্থ উপাৰ্জন কৰে।এইবাৰ সেয়া সম্ভৱ নহ'ল। লকডাউনৰ পূৰ্বে গেৰজাই পাম অঞ্চলৰ তাঁতশালৰ শব্দই সকলোকে আকৰ্ষণ কৰিছিল।এই শব্দত বহুতে সাৰ পাই উঠিছিল টোপনিৰ পৰা।এতিয়া এমাহৰো অধিক গেৰজাই পামৰ তাঁতশাল শিল্প নিতাল-নিস্তদ্ধ । দুবেলা-দুমুঠি ভাতৰ বাবে এতিয়া শিপিনীসকলে চিন্তাত দিন কটাব লগা হৈছে।চকুপানীৰে বাট নেদেখা হৈছে।তেওঁলোকক চৰকাৰীভাৱে আৰু আন ব্যক্তি-অনুষ্ঠানে কিছু পৰিমাণে খাদ্য সামগ্ৰী যোগান ধৰিছে যদিও শিল্পবিধক জীয়াই ৰাখিবৰ বাবে চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণৰ পৰিকল্পনা কৰা নাই।

Your Comments