মৰিগাঁৱৰ পৰা জিতুমণি নাথ:
সমাজ কল্যাণ মন্ত্ৰী প্ৰমিলাৰাণী ব্ৰহ্মই সোমবাৰে মৰিগাঁও ভ্ৰমণ কৰি শিশু গৃহ আৰু বৃদ্ধাৱাস-গৃহসমূহৰ পৰিৱেশ আৰু পৰিস্থিতিৰ বুজ লয়।বিশেষকৈ শিশু গৃহত থকা শিশুসকল আৰু বৃদ্ধাৱাসত থকা বৃদ্ধাসকল যাতে অনাহাৰে থাকিব লগীয়া নহয় বা খাদ্য সংকটৰ সন্মুখীন হ'ব লগীয়া নহয়,সেই বিষয়ত নজৰ দি মন্ত্ৰীগৰাকীয়ে জিলা প্ৰশাসনক এইক্ষেত্ৰত বিশেষভাৱে গুৰুত্ব আৰোপ কৰিবলৈ আহ্বান জনায়।মৰিগাঁও জিলা প্ৰশাসনৰ অতিৰিক্ত উপায়ুক্ত ডা: তহিদুৰ ৰহমান,জিলা সমাজ কল্যাণ বিষয়া দেৱজিৎ বৰা,অতিৰিক্ত আৰক্ষী অধীক্ষক শুভাষীশ বৰুৱা,জিলা প্ৰশাসন আৰু সমাজ কল্যাণ বিভাগৰ বিষয়া-কৰ্মচাৰীসকলে মন্ত্ৰীগৰাকীক সংগ দিয়ে।মন্ত্ৰীগৰাকীয়ে মৰিগাঁও আৱৰ্ত ভৱনত উপস্থিত হৈ মৰিগাঁও নগৰৰ এৰাগাঁৱত থকা শিশু গৃহ,মৰিগাঁও অসামৰিক চিকিৎসালয়ৰ ওচৰত থকা শ্র্ৰদ্ধা গৃহ ন-ভেটিত থকা উজ্জলা গৃহ পৰিদৰ্শন কৰি শিশু আৰু বৃদ্ধাসকলৰ মাজত খাদ্য সামগ্ৰী আৰু ছেনিটাইজাৰ বিতৰণ কৰে।
- Log in to post comments
- 16 views