ঘগ্ৰাপাৰত ৫ সহস্ৰাধিক পৰিয়ালক সাহায্য প্ৰদান বিধায়ক অশোক শৰ্মাৰ     

Pic

নৰেন শৰ্মা,বাহাৰঘাট:

ক'ৰ'না ভাইৰাছক প্ৰতিৰোধৰ বাবে সমগ্র দেশতে চলি থকা 'লকডাউন'ত দৰিদ্ৰ লোকসকলে এসাঁজ ভাতৰ বাবে হাহাকাৰ কৰি থকাৰ সময়তে আৰ্তজনক খাদ্য সংকটৰ পৰা কিছু সকাহ দিয়াৰ বাবে নলবাৰীৰ বিধায়ক শৰ্মাই ব‍্যাপক তৎপৰতা চলাই আহিছে।সমষ্টিৰ গৰীৱ ৰাইজে যাতে খাদ্যৰ অভাৱত নপৰে তাৰ প্ৰতি লক্ষ্য ৰাখি লকডাউনৰ বিগত ৩৩ দিনে বিধায়কগৰাকীয়ে নিজাববীয়াকৈ তথা দলীয় কৰ্মীসকলৰ সহযোগত সমষ্টিটোৰ গৰীৱ লোকসকলৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰিছে।ঘগ্ৰাপাৰস্থিত বড়িগোগ বনভাগ খণ্ড উন্নয়নৰ অন্তৰ্গত ৯ খন গাঁও পঞ্চায়তৰ প্ৰায় ৫ সহস্ৰাধিক দুখীয়া পৰিয়ালক সাহায্য প্ৰদান কৰিছে।বিধায়কগৰাকীয়ে সমষ্টিটোৰ অন্তৰ্গত ঘগ্ৰাপাৰ গাঁও পঞ্চায়ত এলেকাধীন      স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ পিতৃৰ গাঁও লাটিমাত প্ৰায় ডেৰ শতাধিক পৰিয়ালৰ মাজত চাউল,দাইল,মিঠাতেল,নিমখ,বিস্কুট আদি বিতৰণ কৰে।আনহাতে ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বুৰবুৰী,চিলিং,লাটিমাত যোৱা ৯ আৰু ১২ এপ্ৰিলৰ নিশা ধুমুহাই বিধ্বস্ত কৰা পৰিয়ালকেইটাৰো ক্ষয়-ক্ষতিৰ বুজ লয়। ইফালে নোনা নৈৰ পূব প্ৰান্তত বসবাস কৰা বুৰবুৰী গাঁৱৰ ১৮ টা আৰু পশ্চিম দিশৰ কুৰিটা পৰিয়ালৰ মাজতো বিধায়ক অশোক শৰ্মাই খাদ্য সামগ্ৰী বিতৰণ কৰি সংবাদ মাধ্যমক কয় যে দুখীয়া ৰাইজক বিধায়কগৰাকীৰ তৰফৰ পৰা খাদ্য -সামগ্ৰী বিতৰণ কাৰ্য অব্যাহত আছে।চৰকাৰীভাৱেও বিভিন্ন আঁচনিৰ অধীনত দুখীয়া জনগণ,কৃষক,মহিলা,বিধৱা মহিলা,বৃদ্ধ আদিক সাহায্য প্ৰদান কৰি আহিছে।বিধায়কগৰাকীয়ে লগতে কয় যে লডডাউনৰ সময়ত সুলভ মুল‍্যৰ বিনামূলীয়া চাউল বিতৰণ আৰু ৰেচন কাৰ্ডবিহীন পৰিয়ালক ১০০০ টকা  সাহায্য  প্ৰদানত দুৰ্নীতিৰ আশ্ৰয় ল'লে জেলৰ ভাত খাব লাগিব বুলি সকীয়াই দিয়ে।বিধায়কগৰাকীৰ দেওবাৰৰ এই সাহায্য    বিতৰণত ঘগ্ৰাপাৰ পঞ্চায়তৰ সভাপতি ৰাতুল শৰ্মা,বড়িগোগ বনভাগ  মণ্ডল বিজেপিৰ সভাপতি ডিম্বেশ্বৰ বেজবৰুৱা,প্ৰাক্তন সভাপতি মৃদুল কলিতা,সম্পাদক সোণমনি শৰ্মা, কোষাধ‍্যক্ষ জয়ন্ত তালুকদাৰ আদিয়ে অংশগ্ৰহণ কৰে।

Your Comments