মূল্যবৃদ্ধি ৰোধৰ ক্ষেত্রত মৰিগাঁও জিলা প্ৰশাসনৰ ব্যৱসায়ীৰ সৈতে গুৰুত্বপূৰ্ণ সভা

Pic

মৰিগাঁৱৰ পৰা জিতুমণি নাথ:

অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে যাতে সাধাৰণ নাগৰিকক সমস্যাত নেপেলাই,তাৰ প্ৰতি লক্ষ্য ৰাখি দেওবাৰে মৰিগাঁও জিলা প্ৰশাসনে জিলাখনৰ ব্যৱসায়ীসকলৰ লগত এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত কৰে। জিলা উপায়ুক্ত ঋতুৰাজ বৰাৰ নিৰ্দেশ অনুসৰি জিলা খাদ্য অসামৰিক যোগান বিভাগে জিলা উপায়ুক্ত সভাকক্ষত অনুষ্ঠিত কৰা সভাখনত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে যাতে সাধাৰণ নাগৰিকক সমস্যাত নেপেলাই,তাৰ প্ৰতি নজৰ ৰাখিবলৈ ব্যৱসায়ীসকলক আহ্বান জনাই।অতিৰিক্ত উপায়ুক্ত ডা: তহিদুৰ ৰহমান,খাদ্য অসামৰিক যোগান বিভাগৰ ভাৰপ্ৰাপ্ত যুটীয়া সঞ্চালক জয়ন্ত কুমাৰ ভূঞা আদি কৰি যোগান বিভাগৰ বিষয়া-কৰ্মচাৰীসকলে অংশগ্ৰহণ কৰা সভাখনত ব্যৱসায়ীসকলক সামাজিক দূৰত্ব বজাই ৰাখি ব্যৱসায়িক কাম-কাজ পৰিচালনা কৰিবলৈ নিৰ্দেশনা জাৰি কৰে।তদুপৰি জিলাখনত সাধাৰণ নাগৰিকে মূল্যবৃদ্ধিৰ ক্ষেত্ৰত উত্থাপন কৰা অভিযোগসমূহৰ ক্ষেত্ৰত ব্যৱসায়ীসকলক অধিক সতৰ্কতাৰে ব্যৱসায় চলাই নিবলৈ নিৰ্দেশনা জাৰি কৰি চৰকাৰী নীতি-নিৰ্দেশনাৰ ভিতৰত সকলোকে ব্যৱসায় পৰিচালনা কৰি সাধাৰণ নাগৰিকক সহযোগিতা কৰিবলৈ পৰামৰ্শ আগবঢ়ায়।

 

Your Comments