আন্তঃজিলাত আৱদ্ধ ব‍্যক্তিৰ আহ-যাহ মুকলি:ঘগ্ৰাপাৰত আৰক্ষীৰ তালাচী-স্বাস্থ‍্যকৰ্মীৰ স্ক্ৰীনিং টেষ্ট 

Pic

নৰেন শৰ্মা,বাহাৰঘাট:

ক'ৰ'না হটস্পট জিলা হিচাপে ঘোষিত নলবাৰী জিলাত ৩ মে'লৈ তলাবন্ধ অধিক কঠোৰ হ'ব।২৫,২৬ আৰু ২৭ এপ্ৰিলত ৰাজ‍্যৰ বিভিন্ন জিলাত আৱদ্ধ হৈ থকা লোকসকলক আহ -যাহৰ ক্ষেত্ৰত জিলা উপায়ুক্তৰ নিৰ্দেশ মৰ্মে এটা সুবিধা দিয়া হৈছে যদিও ৰেড জ'নত থকা নলবাৰী লোক অন্য জিলালৈ যাব নোৱাৰিব। সেয়েহে দেওবাৰে পুৱাৰে পৰা নলবাৰী জিলাৰ প্ৰৱেশ পথ ঘগ্ৰাপাৰৰ বিলপাৰ-নাৰিকুছি চ'কৰ ৩১ নং ৰাষ্ট্ৰীয় পথত আৰক্ষী বাহিনী আৰু স্বাস্থ্যকৰ্মী এটা দলে বাহৰ পাতি প্ৰতিখন বাহনে তন্নতন্নকৈ তালাচী চলায়।উক্ত স্থানত স্থাপন কৰা তালাচী চকীত ঘগ্ৰাপাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰ মল্ল পাটোৱাৰী,ঘগ্ৰাপাৰ প্ৰাথমিক স্থাস্থ‍্য কেন্দ্ৰৰ দলটোয়ে নলবাৰী জিলাৰ মাজেৰে বৰপেটা,চিৰাং,বঙাইগাঁও,কোকৰাঝাৰ জিলালৈ গমন কৰা বাহনসমূহৰ প্ৰতিগৰাকী যাত্ৰীক স্বাস্থ্যকৰ্মীয়ে স্ক্ৰীনিং টেষ্ট কৰিহে গন্তব‍্য স্থানলৈ যাবলৈ অনুমতি দিয়ে।ঘগ্ৰাপাৰ প্ৰাথমিক স্থাস্ব‍্য কেন্দ্ৰ স্বাস্থ্য কৰ্মীয়ে দেওবাৰে প্ৰায় ৫০০ লোকক  স্ক্ৰীনিং টেষ্ট কৰাৰ লগতে আৰক্ষীয়ে অনুমতিবিহীন প্ৰায় ৫০ গৰাকী ব‍্যক্তিক ওভতাই পঠায়।

Your Comments