নলবাৰী জিলাৰ ক্ষুদ্ৰবিষ্টুপুৰ প্ৰাথমিক বিদ্যালয়ত প্ৰযুক্তিৰ মাধ্যমেৰে পাঠদান

Pic

বৰভাগৰ পৰা সঞ্জয় দাস:

সমগ্ৰ দেশত ক'ৰ’না ভাইৰাছৰ সংক্ৰমণৰ ভয়াৱহতাৰ বাবে সম্প্ৰতি বিদ্যালয়ত পাঠদান প্ৰক্ৰিয়া বন্ধ হৈ থকাৰ পৰিপ্ৰেক্ষিতত বিশেষকৈ নলবাৰী জিলাৰ বড়িগোগ বনভাগ ঘগ্ৰাপাৰ শিক্ষা খণ্ডৰ অন্তৰ্গত ক্ষুদ্ৰবিষ্টুপুৰ প্ৰাথমিক বিদ্যালয়ত প্ৰযুক্তিৰ মাধ্যমেৰে বিদ্যালয়ত পাঠদান চলি আছে।বিদ্যালয়খনৰ সহ-শিক্ষক গৌতম গোস্বামীৰ নেতৃত্বত চলা এই প্ৰক্ৰিয়াটোত হোৱাটছ্ এপৰ উপৰি ফোন কৰিও ছাত্ৰ-ছাত্ৰীসকলক বিভিন্ন বিষয়ৰ পাঠদান কৰিছে।মোবাইল ফোনৰ জৰিয়তে গৃহ-কৰ্ম দি ব্যস্ত ৰাখিছে ছাত্ৰ ছাত্ৰীসকলক ।  বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰীসকল ক্ৰমে  প্ৰধান শিক্ষক ত্রৈলোক্য বৰ্মন,সহ:শিক্ষক  বিনয় ৰাজপুত,শিক্ষয়িত্রী মিনতি দাস আদিয়ে পাঠদান কৰি আছে।দিহজাৰীৰ চিআৰচিচি  ৰঞ্জিত দাসে শিক্ষক-শিক্ষয়ত্রীৰ এই প্ৰক্ৰিয়াত  উৎসাহ দিয়াৰ লগতে সহযোগিতা আগবঢ়ায় ।একাংশ দুখীয়া ছাত্ৰ-ছাত্ৰীৰ স্মাৰ্ট ফোন নথকা হেতু পাঠদান প্ৰক্ৰিয়া চলোৱাত সমস্যাৰ সৃষ্টি হৈছে  বুলি জানিব পৰা গৈছে।শিক্ষক-  শিক্ষয়িত্রীৰ এনে পদক্ষেপক বিদ্যালয় পৰিচালনা সমিতি,অভিভাৱকসকল আৰু বিদ্যালয়খনৰ প্ৰাক্তন একাংশ ছাত্ৰ-ছাত্ৰীয়ে  আদৰণি জনোৱাৰ লগতে  সহযোগিতা আগবঢ়াইছে।

Your Comments