মৃণাল ডেকা,শুৱালকুছি:
তাঁতশালত সপোন ৰচি দুবেলা-দুমুঠি যোগাৰ কৰা শিপিনীসকলৰ পানীত হাঁহ নচৰা অৱস্থাই ভবাই তুলিছে সচেতন নাগৰিকসকলক।ব'হাগত গামোচা বিক্ৰী কৰি উপাৰ্জন কৰিম বুলি সোণালী সপোন ৰচা বস্ত্ৰ নগৰী শুৱালকুছিৰ দাঁঁতিকাষৰীয়া বৃহত্তৰ বংশৰ অঞ্চলৰ শিপিনীসকলৰ সেই সপোন মৰহি গ’ল।শিপিনী তথা ব্যৱসায়ীসকলে বোৱা গামোচাখিনিকে চাই চাই চিন্তিত হৈ পৰিছে। এইবেলি ক'ৰ'না ভাইৰাছ প্ৰতিৰোধৰ বাবে দেশত চলা লকডাউনৰ বাবেই এইবেলি অনুষ্ঠিত নহ’ল হেঁঁপাহৰ ৰঙালী বিহু সন্মিলনকে ধৰি কোনো সভা-সমিতি।যাৰ পৰিপ্ৰেক্ষিতত শিপিনীসকলে গামোচা উৎপাদন কৰি ঘৰতেই ৰাখিবলগীয়া হৈছে ৷ ইয়াকে লৈ দুখীয়া শিপিনী তথা ব্যৱসায়ীসকল হতাশ হৈ পৰিছে।ইফালে,লকডাউনৰ দিন বৃদ্ধি হৈ এমাহ পূৰ্ণ হওঁ হওঁ।এনেক্ষেত্ৰত ব্যৱসায় - বাণিজ্য প্ৰতিষ্ঠানসমূহ বন্ধ হৈ থকাত উৎপাদিত গামোচাসমূহ ক’ত বিক্ৰী কৰিব তাকে লৈ শিপিনীসকল চিন্তিত হৈ পৰিছে।
উল্লেখ্য যে বৃহত্তৰ বস্ত্ৰ নগৰী শুৱালকুছি তথা ইয়াৰ দাঁঁতিকাষৰীয়া অঞ্চল বংশৰ,দদৰা,শিঙিমাৰী,শ্ৰীহাটী,বাথান,গন্ধমৌ বামুন্দী,হালোগাওঁ আদি অঞ্চলত থলুৱা শিপিনীসকলে অসমীয়াৰ স্বাভিমান গামোচাখন তাঁতশালত উৎপাদন কৰি শুৱালকুছি তথা গুৱাহাটীলৈ বিক্ৰীৰ বাবে নিয়ে।এইসকল শিপিনীয়ে ৰঙালী বিহু বুলি লকডাউনৰ পূৰ্বেই অৰ্ধ-লক্ষাধিক গামোচা বৈ উলিয়াইছিল।কিন্তু,লকডাউনৰ পৰিপ্ৰেক্ষিতত বৰ্তমান প্ৰায়খিনি উৎপাদিত গামোচা ঘৰতেই ৰাখিবলগীয়া হৈছে।আনহাতে,অনাগত দিনত সূূতা কিনিবলৈ হাতত ধন নাই বুলি শিপিনীসকলে জানিবলৈ দিয়ে ৷
- Log in to post comments
- 73 views