শিৱসাগৰ অসামৰিক চিকিৎসালয় পৰিদৰ্শন সাংসদ তপন গগৈৰ

Pic

শিৱসাগৰৰ পৰা কল্যাণজ্যোতি বুঢ়াগোহাঁই:

শিৱসাগৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ চুকাফা ভৱনত শুকুৰবাৰে যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈয়ে শিৱসাগৰ জিলা উপায়ুক্তৰ সৈতে  বৈঠকত মিলিত হয়।বৈঠকত ক'ভিড-১৯ সন্দৰ্ভত শিৱসাগৰ জিলাৰ সাম্প্ৰতিক পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰা হয়।উল্লেখ্য যে দিল্লীৰ পৰা আহি হোম কোৱাৰেণ্টাইনত থকা সাংসদগৰাকীয়ে ২২ এপ্ৰিলত কোৱাৰেণ্টাইন সামৰি    বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে শিৱসাগৰ জিলা উপায়ুক্তৰ সৈতে বৈঠকত মিলিত হোৱাৰ লগতে চৰাইদেউ অসামৰিক চিকিৎসালয় পৰিদৰ্শন কৰিছিল। সন্ধিয়ালৈ সাংসদ গগৈয়ে নাজিৰা মহকুমাধিপতি সম্প্ৰীতি গোস্বামীৰ সৈতে নাজিৰাৰ নৱোদয় বিদ্যালয়ৰ কোৱাৰেণ্টাইন চেণ্টাৰ পৰিদৰ্শন কৰি মহকুমাটোৰ সাম্প্ৰতিক পৰিস্থিতিৰ বুজ লৈছিল।শুকুৰবাৰে  সাংসদ গগৈয়ে শিৱসাগৰ জিলা উপায়ুক্ত লক্ষীনন্দন গগৈৰ সৈতে বৈঠকত মিলিত হৈ জিলাখনৰ সাম্প্ৰতিক পৰিস্থিতিৰ বিষয়ে আলোচনা কৰাৰ উপৰিও যিকোনো পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ প্ৰশাসন কিদৰে সাজু  হৈ আছে,সেই বিষয়েও আলোচনা কৰে।পিছত সাংসদ গগৈ উপস্থিত হয়গৈ শিৱসাগৰ অসামৰিক চিকিৎসালয়ত।গগৈয়ে চিকিৎসালয়খনৰ কোৱাৰেণ্টাইন কেন্দ্ৰ  পৰিদৰ্শন কৰাৰ লগতে চিকিৎসালয়খনৰ সকলো বিভাগ পৰিদৰ্শন কৰি কেইবাগৰাকী ৰোগীৰ স্বাস্থ্যৰ বুজ লয়।ইফালে,চিকিৎসালয় পৰিদৰ্শন কালত সাংসদ গগৈয়ে চিকিৎসালয়খনত নিমাৰ্ণ হৈ থকা এটা নতুন ভৱনৰ কাম যথেষ্ট লেহেমীয়া হোৱা দেখা পাই ক্ষোভ প্ৰকাশ কৰি শীঘ্ৰেই নিমাৰ্ণ-কাৰ্য সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে।

Your Comments