'অকণিৰ সাহিত্য সভা'ৰ বিহু প্ৰতিযোগিতাৰ ফলাফল ঘোষণা

Pic

নগাঁৱৰ পৰা ঋতু পৰ্ণ শৰ্মা:

"লকডাউন" প্ৰক্ৰিয়া চলি থকাৰ মাজতেই ৰঙালী বিহু উপলক্ষে "অকণিৰ সাহিত্য সভা"ই ঘৰৰ ভিতৰতে আবদ্ধ হৈ থকা শিশুসকলৰ মাজত অনলাইনৰ জৰিয়তে ঘৰৰ
ভিতৰৰ পৰাই অনুষ্ঠিত কৰা সদৌ অসম ভিত্তিত বিহু নৃত্য,হুঁচৰি বা বিহু সুৰীয়া গীতৰ ফলাফল সমূহ ঘোষণা কৰা হৈছে।উল্লেখযোগ্য যে 'লকডাউন'
প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ লগে লগে আবদ্ধ হৈ থকা শিশুসকলক উপলক্ষ কৰি "অকণিৰ সাহিত্য সভা"ই শিশুসকলৰ সৃজনীমূলক প্ৰতিভা বিকাশৰ অৰ্থে যোৱা ৭ এপ্ৰিলৰ পৰা ১৩ এপ্ৰিললৈ আয়োজন কৰা হৈছিল এই প্ৰতিযোগিতা । অংকুৰৰ পৰা অষ্টম শ্ৰেণী
পৰ্যন্ত অধ্যয়নৰত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পাঁচশো অধিক ছাত্ৰ-ছাত্ৰীয়ে এই প্ৰতিযোগিতাত যোগদান কৰিছিল‌।অৱশ্যে কাৰিকৰী বিসংগতিৰ বাবে ইয়াৰে ১০২ গৰাকীহে প্ৰতিযোগিতাৰ আওতালৈ আহিছিল।ঘোষিত ফল অনুসৰি প্ৰথম চৈধ্যটা স্থান প্ৰাপ্ত প্ৰতিযোগীসকল হৈছে---গুৱাহাটীৰ ভায়'লিনা মেধি (অংকুৰ), নগাঁৱৰ অভিলাষা শইকীয়া
(মুকুল),গুৱাহাটীৰ ঋষিতা ডেকা(প্ৰথম), নগাঁৱৰ বিদিশা বৰা(প্ৰথম), লখিমপুৰৰ বাৰ্লিনা দত্ত (দ্বিতীয়),লখিমপুৰৰ প্ৰিয়ম  প্ৰতীম দত্ত(তৃতীয়),নাৰায়ণ পুৰৰ হৃষিতা বৰুৱা(চতুৰ্থ), নগাঁৱৰ জিমলী শইকীয়া (চতুৰ্থ),তেজপুৰৰ অভিশ্ৰী চৌধুৰী(পঞ্চম),নাৰায়ণপুৰৰ ভাব্যশ্ৰুতি বৰা(ষষ্ঠ), নগাঁৱৰ দেৱীস্মিতা বৰা (ষষ্ঠ),তেজপুৰৰ কৃষ্টি বৰঠাকুৰ(ষষ্ঠ),লখিমপুৰৰ পম্পী শইকীয়া(অষ্টম) আৰু নগাঁৱৰ সমৰজিৎ শইকীয়া (অষ্টম)।স্মৰ্তব্য যে প্ৰতিযোগিতাত ৰাজ্যৰ চাৰিখন জিলাৰ চাৰিজন বিশেষজ্ঞ ব্যক্তিক বিচাৰক ৰূপে আছিল । "লকডাউন" অন্ত পৰাৰ লগে লগে "অকণিৰ সাহিত্য সভা"ৰ এক বিশেষ অনুষ্ঠানত শ্ৰেষ্ঠস্থান চৈধ্য গৰাকীৰ লগতে যোগদান কৰা সকলো প্ৰতিযোগীক পুৰস্কৃত কৰা হ'ব বুলি পৰিচালন সঞ্চালক দুলাল বৰা,সভাপতি পংকজ বৰুৱা আৰু সম্পাদক মনোৰঞ্জন বৰগোঁহায়ে জনাইছে ।

Your Comments