দিল্লীলৈ শান্তি ওভতি আহিছে যদিও হিংসাত্মক ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা ৩৮ জনলৈ বৃদ্ধি পাইছে।হিংসাত আহত লোকৰ চিকিৎসাধীন অৱস্থাত মৃত্যু হোৱাৰ বাবে মৃতকৰ সংখ্যা বৃদ্ধি পাইছে।ইফালে,হিংসা সংঘটিত হোৱা এলেকাসমূহৰ গলীসমূহত সুৰক্ষা বাহিনীয়ে ধাৰাবাহিকভাৱে শান্তি-সম্প্ৰীতি অটুট ৰখাৰ আহ্বান জনাই গৈছে।ইফালে,উত্তৰ-পূব দিল্লীত সংঘটিত হোৱা হিংসাত্মক ঘটনাৰ তদন্তৰ বাবে দিল্লী আৰক্ষীয়ে বিশেষ অনুসন্ধান দল গঠন কৰিছে।
- Log in to post comments
- 9 views