উত্তৰ-পূব দিল্লীত নাগৰিকত্ব সংশোধনী আইনৰ নামত হোৱা হিংসাত বৰ্তমানলৈ ১০ জন লোকৰ মৃত্যু হৈছে।হিংসাত্মক ঘটনাত সোমবাৰে শ্বহীদ হয় দিল্লী আৰক্ষীৰ হেড কনিষ্টবল ৰতনলাল।হিংসাত্মক ঘটনাত ২ গৰাকী আইপিএছ বিষয়াসহ ৫৬ গৰাকী আৰক্ষী আহত হৈছে।সৰ্বমুঠ,প্রায় ১৫০ গৰাকী লোক আহত হৈছে।উপদ্ৰৱকাৰীসকলে টায়াৰৰ বজাৰ,পেট্ৰল পাম্প আদি জ্বলাই দিয়ে।উপদ্ৰৱকাৰীসকলে আৰক্ষীলৈ যথেষ্ট শিলগুটি নিক্ষেপ কৰে।উত্তৰ-পূব দিল্লীৰ কেইবাটাও এলেকাত সান্ধ্য আইন জাৰি কৰা হৈছে।
- Log in to post comments
- 21 views