আহমেদাবাদৰ ম'টেৰা ষ্টেডিয়ামত 'নমস্তে ট্ৰাম্প' অনুুুষ্ঠানত ১ লাখ লোকক সোমবাৰে সম্বোধন কৰিলে মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে।তেওঁ জনতাক সম্বোধন কৰি কয়-'ইয়াত উপস্থিত হোৱাতো মোৰ বাবে অতীৱ সন্মানৰ কথা।ভব্য আদৰণিৰ বাবে ধন্যবাদ।'ট্ৰাম্পে কয় যে ভাৰতক আমেৰিকাই পছন্দ কৰে আৰু আমেৰিকা ভাৰতৰ বিশ্বাসী আৰু নিষ্ঠাৱান মিত্ৰ হৈ থাকিব।ট্ৰাম্পে লগতে দৃঢ়তাৰে কয় যে ভাৰত আৰু আমেৰিকা নিজ-নিজ দেশৰ নাগৰিকসকলক কট্তৰপন্থী ইছলামীয় সন্তাসবাদৰ পৰা ৰক্ষা কৰিবলৈ দৃঢ় সংকল্পবদ্ধ।
- Log in to post comments
- 44 views