দেশৰ অৰ্থনীতিৰ বাবে সুখবৰ।উত্তৰ প্ৰদেশৰ সোণভদ্ৰ জিলাৰ দুটা গ্ৰামীণ এলেকাৰ ভূগৰ্ভত পোৱা গৈছে বিপুল পৰিমাণৰ সোণৰ ভাণ্ডাৰ।এই এলেকা দুটাত ভূ-বিজ্ঞানীসকলে সন্ধান পাইছে ৩ হাজাৰ টনতকৈ অধিক সোণৰ ভাণ্ডাৰ।উল্লেখযোগ্য যে ৱৰ্ল্ড গোল্ড কাউন্সিলৰ প্ৰতিবেদন মতে বৰ্তমান ভাৰতৰ হাতত ৬২৬ টন সোণৰ ভাণ্ডাৰ মঁজুত আছে।সোণভদ্ৰৰ এই ৩ হাজাৰ টন সোণক সংযোগ কৰিলে এই ভাণ্ডাৰ হ'বগৈ বৰ্তমানতকৈ ৫ গুণ অধিক।এই নৱ-আৱিষ্কৃত সোণৰ ভাণ্ডাৰে ভাৰতৰ অৰ্থনীতি শক্তিশালী কৰি তুলিব বুলি ধাৰণা কৰা হৈছে।
- Log in to post comments
- 56 views